/asomiyapratidin/media/media_files/2026/02/03/jkkkk-2026-02-03-13-24-11.jpg)
ডিজিটেল ডেস্কঃ পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতি আহিব বিচাৰিছে ড০ জ্ঞানশ্ৰী বৰা। পূৰ্বে অখিল গগৈৰ সৈতে ভিন্ন কাম-কাজত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰা ড০ জ্ঞানশ্ৰী বৰা শেহতীয়াকৈ গোৱলাপাৰা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে চাকৰিত যোগদান কৰিছিল। কিন্তু শেহতীয়াকৈ ড০ জ্ঞানশ্ৰী বৰাই সিদ্ধান্ত লৈছে যে, তেওঁ পুনৰ উভতি আহিব সক্ৰিয় ৰাজনীতিলৈ।
ইতিমধ্যে তেওঁ চাকৰি পদত্যাগ কৰিছে। অহা বুধবাৰে তেওঁ সক্ৰিয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিব। বুধবাৰে এক আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে জ্ঞানশ্ৰী বৰাই। আঞ্চলিক দলটোৱে ২০২৬ত টিকট প্ৰদানৰ নিশ্চিতি দিয়াৰ পিছতে চাকৰি এৰিছে জ্ঞানশ্ৰীয়ে।
প্ৰাপ্ত খবৰ অনুসৰি, মৰিয়নী সমষ্টিৰ পৰা এই আঞ্চলিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব জ্ঞানশ্ৰীয়ে। যদিহে এই খবৰ সচাঁ হয়, তেন্তে ২০২৬ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ বিপক্ষে এগৰাকী সবল প্ৰাৰ্থী হ'ব উচ্চ শিক্ষিত জ্ঞানশ্ৰী বৰা। আনফালে খুমটাই বা দেৰগাঁও সমষ্টিৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ চৰ্চা চলি আছে।
গোৱালপাৰা কলেজৰ সহকাৰী অধ্যাপিকা পদত আছিল ড০ জ্ঞানশ্রী বৰা। এই চাকৰিত যোগদান কৰাৰ পূৰ্বে ৰাইজৰ দলৰ সৈতে জড়িত আছিল তেওঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us