নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাহুল গান্ধীৰ পছন্দ! দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ...

দেশৰ নিৰ্বাচন আয়োগৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰদান কৰিছে ৰাষ্ট্ৰপতিয়ে। দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হৈছে জ্ঞানেশ কুমাৰ। ১৯৮৮বেটছৰ আই এ এছ কেডাৰ জ্ঞানেশ কুমাৰে এতিয়াৰে পৰা পালন কৰিব পূৰ্বৰ ৰাজীৱ কুমাৰৰ দায়িত্ব।

author-image
Asomiya Pratidin
New Update
জ্ঞানেশ কুমাৰ

জ্ঞানেশ কুমাৰ

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্বাচন আয়োগৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰদান কৰিছে ৰাষ্ট্ৰপতিয়ে। দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হৈছে জ্ঞানেশ কুমাৰ। ১৯৮৮বেটছৰ আই এ এছ কেডাৰ জ্ঞানেশ কুমাৰে এতিয়াৰে পৰা পালন কৰিব পূৰ্বৰ ৰাজীৱ কুমাৰৰ দায়িত্ব।

উল্লেখ কৰা প্ৰয়োজন যে, মুখ্য নিবাৰ্চন আয়ুক্ত নিৰ্বাচনৰ বাবে নতুনকৈ প্ৰণয়ন কৰা আইনৰ ভিত্তিত নিৰ্বাচন কৰা জ্ঞানেশ কুমাৰ হৈছে প্ৰথমগৰাকী নিৰ্বাচন আয়ুক্ত। নতুনকৈ প্ৰণয়ন কৰা এই আইনখনত মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনী মণ্ডলীত পূৰ্বৰ দেশৰ মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে চামিল কৰা হৈছিল গৃহমন্ত্ৰীক। অৰ্থাৎ এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে।

দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত
দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত

এই নিৰ্বাচনী মণ্ডলীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিৰোধী দলপতি ৰাহুল গান্ধীও। ১৭ফেব্ৰুৱাৰী, ২০২৫ত হোৱা বৈঠকত জ্ঞানেশ কুমাৰকে নিৰ্বাচনী মণ্ডলীয়ে চূড়ান্ত কৰে আৰু ৰাষ্ট্ৰপতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে।

জ্ঞানেশ কুমাৰৰ কাৰ্যকাল ২০২৯ চনৰ ২৬ জানুৱাৰীত অন্ত পৰিব । উল্লেখ্য যে বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ৬৫ বছৰ বয়সত অহা ১৮ ফেব্ৰুৱাৰীত (মঙলবাৰে) অৱসৰ গ্ৰহণ কৰিব । আৰু নতুন নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ১৯ফেব্ৰুৱাৰীত দায়িত্ব গ্ৰহণ কৰিব।

নতুন মুখ্য নিৰ্বাচন আয়ুক্তই ২০২৯ চনৰ লোকসভা নিৰ্বাচনত তদাৰক কৰিব । ইয়াৰ লগতে এই বছৰ অনুষ্ঠিত হ'বলগা বিহাৰৰ বিধানসভা নিৰ্বাচন, ২০২৬ চনৰ অসম, কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰী নিৰ্বাচন আৰু ২০২৭ চনৰ গোৱা, মণিপুৰ, পঞ্জাব, উত্তৰ প্ৰদেশ, গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন তেওঁৰ নেতৃত্বত অনুষ্ঠিত হ'ব ।

নিৰ্বাচন আয়োগ