/asomiyapratidin/media/media_files/2024/11/26/OwhYaxlfM8ThAR2a4nxX.jpg)
ডিজিটেল ডেস্কঃ কটনৰ মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকাক ইউ এছ টি এমে প্ৰদান কৰিব চাকৰি। ডেলিভাৰী বয় হিচাপে কাম কৰি কটনৰ প্ৰাক্তন ছাত্ৰগৰাকীক বিশ্ববিদ্যালয়খনত নতুন কাম প্ৰদানৰ কথা ইতিমধ্যে সদৰি কৰিছে কৰ্তৃপক্ষই। উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৫নৱেম্বৰত ইউ এছ টি এমৰ অধ্যক্ষক সাক্ষাত কৰিছিল জ্ঞানদ্বীপে। তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰিছে ইউ এছ টি এমে।
কিছুদিনৰ পূৰ্বে ফাঁচীবজাৰত এগৰাকী আৰক্ষী বিষয়াই লঘু দোষতে অতিপাত প্ৰহাৰ কৰিছিল জ্ঞানদ্বীপক। এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি জ্ঞানদ্বীপৰ সপক্ষে সৃষ্টি হৈছিল এক জোঁৱাৰ। ঘটনাৰ গভীৰতা উমান পাই আৰক্ষী সঞ্চালক প্ৰধানে ততালিকে চাকৰিৰ পৰা নিলম্বন কৰি বিভাগীয় তদন্তৰ ঘোষণা কৰিছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।
জ্ঞানদ্বীপৰ এই নতুন চাকৰিয়ে মেধাৱী ছাত্ৰগৰাকীৰ জীৱনলৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই ইউ এছ টি এমত নতুন চাকৰিত যোগদান কৰিব জ্ঞানদ্বীপে।