/asomiyapratidin/media/media_files/2025/10/22/ap-web-press-2025-10-22-21-12-33.jpg)
ডিজিটেল ডেস্কঃ ঘোষণা হ'ল বহু প্ৰত্যাশিত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ফলাফল। ভোট গণনা প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱাৰ পাছতে ঘোষণা কৰা হয় ২০২৫-২৭ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল।
সভাপতি পদত খগেন কলিতাই জয় লাভ কৰাৰ লগতে সাধাৰণ সম্পাদক পদত অমৰেন্দ্ৰ ডেকা, সহকাৰী সম্পাদক পদত শ্বাহ আলম,সহকাৰী সম্পাদক(সংৰক্ষিত) পদত পদ্মিনী হাজৰিকাই জয় লাভ কৰে।
সমান্তৰালকৈ কোষাধ্যক্ষ পদত হীৰকজ্যোতি টাইড, সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক পদত সমীৰণ বৰঠাকুৰৰ লগতে ক্ৰীড়া সম্পাদক পদত দীপাংকৰ দাসে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।
প্ৰণিধানযোগ্য যে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত উপ-সভাপতি পদত প্ৰদীপ বৰ্মন আৰু মহিলা সংৰক্ষিত আসনত ৰঞ্জিতা ৰাভাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আজিৰ এই নিৰ্বাচন মূলতঃ ১০ টা পদক কেন্দ্ৰ কৰি অনুষ্ঠিত হয়।
এই ১০টা পদৰ বিপৰীতে সৰ্বমুঠ ২২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। দুবছৰৰ অন্তত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ফলাফলত বিজয় ধ্বজা উৰুৱালে সাদিন-প্ৰতিদিনৰ ৩ প্ৰাৰ্থীয়ে।