/asomiyapratidin/media/media_files/2025/03/09/IuWNbJmL0pcCEWzMYlkw.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ নাৰীৰ সমঅধিকাৰৰ সংগ্রামখন বহু দীঘলীয়া। ১৯১০ চনত জার্মান তথা আন্তঃৰাষ্ট্ৰীয় নেত্রী ক্লাবা জেটকিনে কোপেনহেগেনত অনুষ্ঠিত ইন্টাৰনেচনেল ছ'চিয়েল মহিলা সন্মিলনত ৮ মার্চৰ দিনটো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান দিছিল।
তেতিয়াৰে পৰা আজি পর্যন্ত এই দিৱস উদযাপন কৰি আহিছে। কিন্তু চুকে- কোণে বা ভিতৰুৱা ঠাইত বসবাস কৰা দুর্ভগীয়া, অশিক্ষিত, একো নজনা নুবুজা মহিলাসকল বর্তমানেও উপেক্ষিত। নগৰ চহৰত থকা মহিলাসকলৰ কথা সুকীয়া।
দিনৰ এক বজাৰ পৰা পদুমী গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰা বিশিষ্ট লেখিকা তথা সমাজ সেৱিকা ৰেখা বৰুৱাই নিজৰ ভাষণ প্রসংগত এই মন্তব্য কৰে। মুকলি সভা উদ্বোধন কৰে অসম লেখিকা সমাজৰ উপদেষ্টা তথা বিশিষ্ট লেখিকা সুনীতি সোনোৱালে আৰু আতিথ্যৰ আদৰণি ভাষণ দিয়ে কামৰূপ মহানগৰ জিলা লেখিকা সমাজ সভাপতি ৰত্না ৰংচেহনপীয়ে।
সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট আইনবিদ নেকিবুৰ জামান আৰু শিক্ষাবিদ ডঃ দয়ানন্দ পাঠক। মুকলি সভাতে মোহিনী গগৈ সোঁৱৰণী 'নাৰী কর্ম প্রেৰণা বঁটা' প্রদান কৰা হয় গুৱাহাটীৰ বীৰকুছিত থকা সৰস্বতী বাগধ্বনি মুকবধিৰ শিক্ষা প্রতিষ্ঠানৰ প্রধান শিক্ষয়ত্রী দুলুমণি কলিতাক।
এই বঁটাত আছে গামোচা, পাটৰ চেলেং, শৰাই, জাপি, স্মাৰক, প্রমাণপত্র অন্যান্য আৰু নগদ ১০ হাজাৰ টকা। আনহাতে অসম লেখিকা সমাজৰ সাংগঠনিক ক্ষেত্রত আগবঢ়োরা অৱদানৰ বাবে ৩১ গৰাকী লেখিকাকো বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়।
কুইন হাজৰিকা আৰু পাপৰি কলিকাক লেখিকা সমাজ ৰত্ন বঁটা প্রদান কৰা হয়। 'সাংগাঠনিক পৰদর্শিতা বঁটা' প্রদান কৰা হয় ক্রমে অৰূপা বেথেল,ৰুণুমি ডেকা, বিজু দাস, জ্যোতি মালাকৰ কাকতি, ময়ূৰী বৰুৱা ডেকা, দুলুমণি শর্মা চুনুমা বৈশ্য আক প্রতিভা দস্তিদাৰক।
লগতে ৮ গৰাকীক 'সাংগঠনিক পাৰদর্শী অনুপ্রেৰণা বঁটা' আৰু ১৩ গৰাকীক 'সভাপতিৰ বিশেষ অনুপ্রেৰণা বঁটা' প্রদান কৰা হয়। মুকলি সভাতে নীলাঞ্জনা পাচনিৰ প্রবন্ধ সংকলন 'জীৱন দাপোণত সমাজ-সংস্কৃতিৰ প্রতিবিম্ব' উন্মোচন কৰে সন্মানীয় অতিথি নেকিবুৰ জামানে।
মুকলি সভা অনুষ্ঠিত হোৱাৰ পূর্বে পুৱা বন্তি প্রজ্বলন কৰে অসম লেখিকা সমাজৰ মুখপত্র 'প্রজ্ঞা' ৰ সম্পাদক জয়শ্রী শইকীয়াই। গছপুলি ৰোপন কৰে উপ-সভাপতি দীপ্তি গগৈ বৰুৱাই আৰু থলুবা শিল্পব প্রদর্শনী 'অতুলনীয় বৈভব' উদ্বোধন কৰে ডিব্রুগড় জিলা লেখিকা সমাজৰ সভাপতি মধুমিতা দত্তই।
নাৰী দিৱসৰ উপলক্ষে প্রস্তুত কৰি উলিওৱা প্রাচীৰ পত্রিকা উন্মোচন কৰে পূৰ্বৰ আমট্রনৰ বিষয়া তথা সমাজ সেৱক দিনমণি ভাণ্ডাৰ কায়স্থই। প্রাচীৰ পত্রিকা উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কোষাধ্যক্ষ মিহিৰ বৰুৱা আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ নবনির্বাচিত সভাপতি প্রফুল্ল বর্মন।
দিনৰ ১১বজাত অনুষ্ঠিত হয় এখন মনোজ্ঞ আলোচক্র। আলোচক্রৰ বিষয় আছিল 'নাৰীৰ সমঅধিকাৰ আৰু স্বাৱলম্বিতা'। আলোচক্রখন সঞ্চালনা কৰে কার্যকৰী সভাপতি বেণু মহন্তই আৰু আলোচক হিচাপে অংশগ্রহণ কৰে প্রীতি হাজৰিকা, কবিতা গগৈ গোহাঁই, মাধুৰী দাস, অৰুন্ধতী কোঁৱৰ, পকেজা দাস আৰু প্রতিভা দেৱী দস্তিদাৰে।
বিয়লি লেখিকা সমাজৰ অন্তর্গত শিশু অনুষ্ঠান 'লৰিয়লি' আৰু যুৱতীসকলৰ অনুষ্ঠান 'সখিয়তী'ৰ সদস্যসকলে বিচিত্রানুষ্ঠান পৰিবেশন কৰে। বিচিত্রানুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক পুলিন কলিতাই। জাতীয় সংগীতেৰে সামৰণি পৰা অনুষ্ঠানটোৰ আঁত ধৰে প্রবান সম্পাদক বর্ণালী দত্ত বৰাই।