/asomiyapratidin/media/media_files/2025/10/09/cfdgthd-2025-10-09-16-08-47.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্তক পদত্যাগৰ দাবী উত্থাপন কৰে হৈছে। বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্থাপন কৰে এই দাবী।
মহন্তৰ বিৰুদ্ধে উত্থাপিত হৈছে বিত্তীয় অনিয়ম আৰু স্বজন তোষণৰ অভিযোগ।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নৰ নেতৃত্বত শেহতীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্তৰ বিৰুদ্ধে ৰাজহুৱাকৈ উত্থাপিত অভিযোগৰ তদন্ত আহ্বান কৰি তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত উপাচাৰ্য পদৰ পৰা অব্যাহতি লবলৈ দাবী জনোৱা হয়।
সংগঠনটোৱে ড০ ননী গোপাল মহন্তক প্ৰদান কৰে দাবীপত্ৰ। ইফালে ননী গোপাল মহন্তই এই পত্ৰ আনুষ্ঠানিকভাবে গ্ৰহণ কৰে।