গুৱাহাটী ডিব্ৰুগড় সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ দাবী এপিডব্লিউৰ

নিউ জলপাইগুৰী আৰু গুৱাহাটীৰ মাজত সপ্তাহত ৬দিনকৈ বন্দে ভাৰত এক্সপ্ৰেছ চলাচলৰ ব্যৱস্থাৰ বাবেও আমি নৰেন্দ্ৰ মোডী চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছো। সমান্তৰালকৈ অনুৰূপ ব্যৱস্থা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত কৰিবলৈ দাবী জনাই এ পি ডব্লিৱে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  গুৱাহাটী ডিব্ৰুগড় সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ দাবীৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈভৱ, ৰেল ৰাজ্যিক মন্ত্ৰীদ্বয় ক্ৰমে,ভি চোমান্না আৰু ৰভনীট সিং বিট্টুলৈ পত্ৰ প্ৰেৰণ কৰিছে এ পি ডব্লিৱে। 

সপ্তাহত ৬দিনকৈ হ'লেও দৈনিক এই ট্ৰেইনখনৰ চলাচলে পুৱা গৈ গুৱাহাটীত কাম সমাপন কৰি নিশা ১০ বজাত পুনৰ ডিব্ৰুগড় পাব পৰাৰ সুবিধা কৰিব বুলি তিনিওগৰাকী মন্ত্ৰীৰ জ্ঞাতাৰ্থে পত্ৰত উল্লেখ কৰা হৈছে।

নিউ জলপাইগুৰী আৰু গুৱাহাটীৰ মাজত সপ্তাহত ৬দিনকৈ বন্দে ভাৰত এক্সপ্ৰেছ চলাচলৰ ব্যৱস্থাৰ বাবেও আমি নৰেন্দ্ৰ মোডী চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছো। সমান্তৰালকৈ অনুৰূপ ব্যৱস্থা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত কৰিবলৈ দাবী জনাই এ পি ডব্লিৱে। 

উজনি অসম সংযোগী বন্দে ভাৰত এক্সপ্ৰেছে উজনি অসমবাসীক এক বিৰাট সকাহ দিব বুলিও পত্ৰত উল্লেখ কৰা হৈছে। 

বন্দে ভাৰত এক্সপ্ৰেছ