ৰাস্তাত নাই বাছ, উদ্যোগত নাই শ্ৰমিক! গুৱাহাটীত 'অৱস্থান ধৰ্মঘট'ৰ সৰ্বাত্মক প্ৰভাৱ...

গুৱাহাটীত আজি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে চিটি বাছ সেৱা। অৱশ্যে চৰকাৰী বাছ কেইখনে পুৱাৰে পৰা সেৱা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। যাৰ বাবে গুৱাহাটীত পুৱাৰ ভাগতে ব্যক্তিগত খণ্ডৰ ভিন্ন কৰ্মচাৰীৰ পৰা আদি কৰি

New Update
2bd69059-4482-45b7-b31c-0fc7f2d7aad8

ডিজিটেল ডেস্কঃ আজিৰ পুৱাৰে পৰা প্ৰায় অচল হৈ পৰিছে দেশ। দেশৰ বেংকিং, ডাক সেৱা, নিৰ্মাণ,খনি আৰু পৰিবহণ আদি চৰকাৰী খণ্ডৰ ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে আহ্বান কৰা ধৰ্মঘটৰ ব্যাপক প্ৰভাৱ পৰিৱেশ সমগ্ৰ দেশত।  গুৱাহাটীতো সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদৰ। 

Advertisment

846582af-b6fe-415e-9037-37aa05666e81

গুৱাহাটীত আজি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে চিটি বাছ সেৱা। অৱশ্যে চৰকাৰী বাছ কেইখনে পুৱাৰে পৰা সেৱা আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। যাৰ বাবে গুৱাহাটীত পুৱাৰ ভাগতে ব্যক্তিগত খণ্ডৰ ভিন্ন কৰ্মচাৰীৰ পৰা আদি কৰি শিক্ষাৰ্থীসকলৰ বাবে একা হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বাছলৈ অপেক্ষা কৰি ঘন্টা ঘন্টা ধৰি ৰ'ব লগা হৈছে বাছ আস্থানত।

38ca1d38-cd61-4987-b624-5e442c9ac783

আনফালে পুৱাৰভাগত কৰ্মচাৰীয়ে ভৰি থকা গুৱাহাটী শোধনাগাৰৰ ভিতৰভাগো আজি একেবাৰে খালী। পুৱাৰে পৰা ভিন্ন বৰ্গৰ কৰ্মচাৰীয়ে শোধনাগাৰৰ প্ৰৱেশদ্বাৰত অব্যাহত ৰাখিছে প্ৰতিবাদ। শ্ৰমিকসকলে দাবী উত্থাপন কৰিছে যে, ঠিকাভিত্তিক শ্ৰমিকসহ সকলো শ্ৰমিক নূন্যতম মজুৰি মাহিলী ২৬হাজাৰ টকাকৈ ঘোষণা কৰিব লাগিবই। অন্যাথা অচল হৈ পৰিব শোধনাগাৰৰ প্ৰায়বোৰ কাম-কাজ।

6ec8b927-5ec6-408d-88ba-38fb34e2e308

গুৱাহাটীৰ বামুণীমৈদামস্থিত এফ চি আই কলনীতো আজি নাই শ্ৰমিকৰ ভিৰ। দীঘলীয়া লাইন লাগিছে ট্ৰাকৰ। মঠঘৰীয়াৰ ৰেলৱে কলনীতো মালবাহী ৰে'লসমূহ সামগ্ৰীৰ সৈতে ৰখাই থোৱা হৈছে ৰেলৱে লাইনতে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল, মটৰ শ্ৰমিক কল্যাণ  আচনি ৰূপায়ন, চাহ শ্ৰমিক দিন হাজিৰা ৬৬১টকা ধাৰ্য আদিকে ধৰি ভিন্ন দাবীৰে এই প্ৰতিবাদ অব্যাহত ৰাখিছে শ্ৰমিকসকলে।

7f14adf0-8438-4721-bae9-3849e449cf5f

মালিগাৱত ৰেলৱে শ্ৰমিক সন্থাই পুৱাৰে পৰা একগোট হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে। পল্টন বজাৰ ৰেলৱে ষ্টেচনত শ্ৰমিকৰ প্ৰতিবাদ পুৱাৰ ভাগত দেখা পোৱা নগ'ল যদিও যাত্ৰীসকলৰ মাজত যথেষ্টু হুৱাদুৱা এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। মুঠৰ ওপৰত চৰকাৰৰ শ্ৰম বিৰোধী, কৃষক বিৰোধী নীতিৰ প্ৰতিবাদত আজি আহ্বান বন্ধৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে গুৱাহাটীত। 

e001bba0-89e4-4738-9045-80cf18c76052

 

গুৱাহাটী