মহানগৰীৰ ৰাজপথত প্ৰতিভাৱান খেলুৱৈ ভাৰ্গৱৰ প্ৰাণ লোৱা গাড়ীখন কাৰ আছিল...

মহানগৰীৰ ৰাজপথত প্ৰতিভাৱান খেলুৱৈ ভাৰ্গৱৰ প্ৰাণ লোৱা গাড়ীখন কাৰ আছিল...

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ ৰাজপথত প্ৰতিভাৱান খেলুৱৈ ভাৰ্গৱৰ প্ৰাণ লোৱা গাড়ীখন কাৰ আছিল...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত দীঘলী পুখুৰীৰ পাৰত ২৯জুন, ২০২৪ শনিবাৰে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল। এই পথ দুৰ্ঘটনাত ৰাজ্যৰ এজন সুদক্ষ কাৰাটে আৰু পাঞ্জা খেলুৱৈ ভাৰ্গৱ জ্যোতি বৰ্মনে প্ৰাণ হেৰুৱাইছিল। ২৮বছৰীয়া ভাৰ্গৱ জ্যোতি বৰ্মনৰ ঘৰ আছিল সৰুপেটাৰ গোমোৰা গাঁৱত। অৱসৰপ্ৰাপ্ত বনবিষয়া দশৰথ বৰ্মন আৰু বিজুলী বৰ্মনৰ পুত্ৰ ভাৰ্গৱ জ্যোতিয়ে ৮মাহৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

Advertisment

গুৱাহাটীৰ এটা ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল ভাৰ্গৱ। এই দুৰ্ঘটনাতো সংঘটিত কৰিয়ে পলায়ন কৰিছিল দুৰ্ঘটনা সংঘটিত কৰা এ এছ ০১ বি ৱাই ০০৪০নম্বৰৰ বাহনখন।  আৰক্ষীয়ে চি চি টিভিৰ কেমেৰাৰ জৰিয়তে বাহনখনৰ সন্ধান উলিয়াইছিল আৰু বাহনখন আছিল প্ৰিয়ংকা তামুলী নামৰ এগৰাকী মহিলাৰ নামত পঞ্জীয়নকৃত।

বাহনখনৰ পঞ্জীয়নৰ সময়ত উল্লেখ কৰা ঠিকনাত মহানগৰীৰ হাতীগাঁও বৰসজাইত থকা হাউচিং কলনী গাড়ীখনৰ গৰাকীৰ স্থায়ী ঠিকনা বুলি উল্লেখ আছে। গাড়ীখনৰ চেটিচ নম্বৰ-MALBM51BLGM224032B আৰু ইঞ্জিন নম্বৰ G4LAGM957232 । আৰক্ষীয়ে এই দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধান কৰা সময়তে দুৰ্ঘটনা সংঘটিত কৰা দিনা সন্ধিয়ালৈ আৰক্ষীৰ ওচৰত মহিলাগৰাকীয়ে আত্মসৰ্মপণ কৰে।

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখন পলায়ন কৰিছিল যদিও পথত থকা চি চি টিভিৰ পৰা গাড়ীখনৰ সন্ধান আৰক্ষীক প্ৰত্যক্ষদৰ্শীয়ে দিবলৈ সক্ষম হৈছিল। পৰিয়ালৰ লোকৰ অভিযোগ মতে, সেই সময়ত গাড়ীখনত চালকৰ আসনত থকা মহিলাগৰাকী গাড়ীৰ ন শিকাৰু আছিল।  

গুৱাহাটী দীঘলী পুখুৰী