/asomiyapratidin/media/media_files/2025/07/31/new-ap-web-2-8-2025-07-31-17-22-45.jpg)
ডিজিটেল ডেস্কঃ গোপন সূত্ৰৰ আধাৰত অভিযান চলাই এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ফটাশিল আৰু আজাৰা আৰক্ষীয়ে। গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীত চলোৱা এই যৌথ অভিযানৰ সময়ত উদ্ধাৰ কৰা হৈছে কাঁহ, পিতল, কপাৰ, এলুমিনিয়াম, ষ্টীল আদিৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
জানিব পৰা মতে উদ্ধাৰ কৰা এই চুৰি সামগ্ৰীখিনি কেইবা টন ওজনৰ। প্ৰাপ্ত তথ্য অনুসৰি এই চুৰি সামগ্ৰীখিনি শিলচৰৰ পৰা অহা এখন ট্ৰাকত কঢ়িয়াই অনা হৈছিল আৰু ফটাশিলৰ কালাপাহাৰ অঞ্চলৰ এটা ডেম্পত নমোৱাৰ চেষ্টা কৰিছিল।
সেই সময়তে আৰক্ষীয়ে এই চুৰি সামগ্ৰীখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ডেম্পত বহু বস্তাত ভৰাই থোৱা এই সামগ্ৰীখিনি উদ্ধাৰৰ পিছতে আৰক্ষীৰ চকু কপালত উঠিছে। অৱশ্যে এতিয়ালৈকে কিয় এই সামগ্ৰীখিনি ডেম্পটোলৈ লৈ অহা হৈছিল, তাৰ পৰা কেনেকৈ, ক’লৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বা এইসমূহ কি কামত ব্যৱহাৰ কৰাৰ পৰিকল্পনা আছিল সেই সকলো তথ্য আৰক্ষীয়ে পৰৱৰ্তী সময়তহে প্ৰকাশ কৰা সম্ভাৱনা আছে।
তাৰোপৰি অভিযানৰ সময়ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৭ জনকৈ লোকক। এতিয়ালৈকে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই যদিও সামগ্ৰীখিনিৰ কোনো বৈধ নথি-পত্ৰ নথকাৰ বাবে এয়া যে চুৰি সামগ্ৰী সেয়া নিশ্চিত কৰিছে।