/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-09-00-38.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ব্ৰহ্মপুত্ৰত সৃষ্টি হোৱা প্ৰবল ঘন কুঁৱলীৰ বাবে আজি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সুৰক্ষাৰ স্বাৰ্থত এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে।
ধোঁৱাবৰণীয়া কুঁৱলীৰ বাবে নদীৰ বুকুত দৃশ্যমানতা প্ৰায় শূন্য হৈ পৰাত যিকোনো ধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। হঠাৎ ফেৰী সেৱা বন্ধ হোৱাৰ ফলত পুৱাই কৰ্মস্থলীলৈ ওলাই অহা শ শ যাত্ৰীৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হয়।
বিশেষকৈ চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল ঘাটতে আৱদ্ধ হৈ পৰাত বিমোৰত পৰিছে। বিভাগে জনোৱা মতে, কুঁৱলী কমি পৰিস্থিতি স্বাভাৱিক হ’লেহে পুনৰ ফেৰী চলাচল আৰম্ভ হ’ব। বৰ্তমান যাত্ৰীসকলে শৰাইঘাট দলঙেৰে দীঘলীয়া পথেৰে যাতায়াত কৰিবলগীয়া হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us