/asomiyapratidin/media/media_files/2025/06/25/yhyhdd-2025-06-25-17-54-18.jpg)
ডিজিটেল ডেস্কঃ এইখন গুৱাহাটীত খোদ চিকিৎসকৰ হাততে সুৰক্ষিত নহয় নাৰী। এগৰাকী চিকিৎসকৰ নিৰ্মম প্ৰহাৰৰ বলি হৈ এতিয়া ন্যায় বিচাৰি হাবাথুৰি খাইছে যুৱতীয়ে। প্ৰাপ্ত খবৰ অনুসৰি, চুলেইমান আলি আহমেদ নামৰ হোমিঅৰ চিকিৎসকগৰাকীয়ে তেওঁ ক্লিনিকত এগৰাকী যুৱতীক অতি বেয়াকৈ প্ৰহাৰ কৰাই নহয় দীৰ্ঘদিন ধৰি মানসিকভাৱে অত্যাচাৰো কৰি আহিছে।
গুৱাহাটীৰ জাপৰিযোগস্থিত এই চিকিৎসকগৰাকীৰ মালিকানাধীন এছ এ ৰিৰ্ছাজ ডায়েলচিছ চেন্টাৰ নামৰ প্ৰতিষ্ঠানটোত সংঘটিত হৈছে এই ঘটনা। পূৰ্বেও এনে বহু বিৰ্তকিত কাণ্ডৰ সৈতে নাম সাঙুৰ খোৱা চিকিৎসক চুলেইমান আলি আহমেদৰ এই চেন্টাৰটোত ৰিচিপ্টষ্টনিষ্ট হিচাপে কাম কৰি আছিল যুৱতীগৰাকী।
যোৱা ২৬মে, ২০২৫ৰ পৰা ১৬জুনলৈকে প্ৰতিষ্ঠানটোত কাম কৰা যুৱতীগৰাকীৰ প্ৰাপ্য দৰমহাৰ পইচাকেইটাও আদায় নিদিয়াকৈ অতি বেয়াকৈ মাৰধৰ কৰি উলিয়াই দিয়ে চিকিৎসকগৰাকীয়ে। এই কাণ্ডত চিকিৎসক চুলেইমান আলি আহমেদক সহযোগ কৰে তেওৰ গুণ্ডাৰূপী পুত্ৰ ছোহেইল আহমেদেও। ভুক্তভোগী যুৱতীগৰাকীয়ে দিছপুৰ থানাত ৰুজু কৰিছে গোচৰ। এজাহাৰত যুৱতীগৰাকীয়ে লগতে আনিছে বহুকেইটা বিস্ফোৰক অভিযোগ।
ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি যুৱতীগৰাকীয়ে উক্ত প্ৰতিষ্ঠানখনত চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ লগতে ৰোগীৰ নিদিবলগীয়া বিসংগতিপূৰ্ণ ঔষধ ব্যৱহাৰৰো অভিযোগ আনিছে। প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ভালকৈ তদন্ত কৰিলে সকলো তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীক দিয়া এজাহাৰত উল্লেখ কৰিছে যুৱতীগৰাকীয়ে। এই ক্ষেত্ৰত উপযুক্ত তথ্য প্ৰমাণ যুৱতীগৰাকীৰ হাতত মজুত থকাৰ কথাও উল্লেখ কৰা হৈছে।
বিৰ্তকিত চিকিৎসক চুলেইমান আলি আহমেদৰ বিৰুদ্ধে এতিয়া বহুকেইটা এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ পাছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়। ২৫জুন, ২০২৫ত দিছপুৰ থানাত ৰুজু কৰা এই গোচৰক লৈ বৰ্তমানলৈকে আটক কৰা নাই চিকিৎসকগৰাকীক।