গুৱাহাটীত নিৰ্মাণ শ্ৰমিক-অটোমবাইল শ্ৰমিকৰ সমাৱেশ, শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ দাখিল

অসমত শ্ৰমিক কল্যাণ আঁচনিৰ পূৰ্ণ ৰূপায়ণ, চিকিৎসাৰ সুবিধা, প্ৰাপ্য বকেয়া আদায়ৰ দাবী 

author-image
Asomiya Pratidin
New Update
নন

ডিজিটেল সংবাদ, গুৱাহাটী: অসমৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণমূলক আঁচনিবিলাকৰ সম্পূৰ্ণ ৰূপায়ণ, স্থগিত কৰি ৰখা স্বাস্থ্য পৰীক্ষা- চিকিৎসা সুবিধা পুনৰ আৰম্ভ কৰা, শ্ৰমিকৰ প্ৰাপ্য বকেয়া ধন শীঘ্ৰেই মোকলাই দিয়া আদি মুঠ ৯ দফীয়া দাবী লৈ শুকুৰবাৰে বিয়লি শ্ৰম আয়ুক্ত কাৰ্যালয় প্ৰাংগণত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ শ শ শ্ৰমিকৰ সমাৱেশ ঘটে।  

Advertisment

শ্ৰমিকসকলে বিক্ষোভ সমাবেশৰ জৰিয়তে তেওঁলোকৰ ন্যায্য অধিকাৰৰ দাবীত বিভাগীয় কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ দাখিল কৰে। শ্ৰম আয়ুক্তৰ অনুপস্থিতিৰ হেতু সহকাৰী আয়ুক্ত(মুখ্য কাৰ্যালয়) তুস্তি গগৈয়ে স্মাৰক পত্ৰখন গ্ৰহণ কৰে আৰু শ্ৰমিক সকলে উত্থাপন কৰা দাবীসমূহ চৰকাৰলৈ প্ৰেৰণ কৰিব বুলি জনায়।

এনটিইউআই অনুমোদিত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ  নেতৃবৃন্দৰ উপৰি সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই এই বিক্ষোভ কাৰ্যসূচীত অংশ লৈ শ্ৰমিক সংহতি প্ৰকাশ কৰে।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত শ্ৰমিক সংগঠন কেইটাৰ নেতৃবৃন্দই এই কথা প্ৰকাশ কৰে। সংবাদ মেলত উপস্থিত আছিল অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতা নুমান আহমেদ, সপোন ডি বৰা, অটোমবাইল শ্ৰমিক ইউনিয়নৰ নেতা প্ৰণৱ গগৈ আৰু অন্যান্য নেতৃবৰ্গ। উল্লেখযোগ্য যে শ্ৰম আয়ুক্ত কৰ্তৃপক্ষক অৰ্পণ কৰা স্মাৰকপত্ৰখনত নিৰ্মাণ শ্ৰমিকসকলৰ কল্যাণমূলক আঁচনি সমূহ সম্পূৰ্ণৰূপে ৰূপায়নৰ দাবী উত্থাপন কৰিছে।

ইয়াৰোপৰি শ্ৰমিক ৱেলফেয়াৰ বোৰ্ডত প্ৰতিনিধিত্ব নথকা জিলাসমূহৰ পৰা নতুন শ্রমিক প্ৰতিনিধি অন্তৰ্ভূক্ত কৰা, অনতিবিলম্বে পৰিবহন শ্ৰমিক কল্যাণমূলক আঁচনি ২০২১ কাৰ্যকৰী কৰা, বিহাৰা ৰেলট্ৰেক কনষ্ট্ৰাকচন কোম্পানীয়ে অন্যায়ভাৱে নিলম্বন কৰা ৯৬ জন শ্ৰমিকক অবিলম্বে কামত নিয়োজিত কৰা, জি আই জি শ্ৰমিক সকলৰ স্বাৰ্থ ৰক্ষাৰ্থে অনতিবিলম্বে কল্যাণ মূলক আঁচনিৰ ৰূপৰেখা ঘোষণা কৰা ইত্যাদি দাবীও উত্থাপন কৰা হৈছে।

সংবাদ মেলত নেতৃবৃন্দই কয়, আমাৰ সংবিধানে শ্ৰমিকৰ শ্ৰমৰ অধিকাৰ আৰু সামাজিক সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিছে। সেই অধিকাৰ তথা সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ স্বাধীনতা প্ৰাপ্তিৰ পিছৰে পৰা আইন সভাই বিভিন্ন আইন প্ৰণয়ন কৰি আহিছে। চৰকাৰ আৰু বিভিন্ন বিভাগৰ দায়িত্ব হল সেইবোৰ কাৰ্যকৰী কৰা।

বৰ্তমানে অসম তথা ভাৰতৰ মুঠ শ্ৰমিকৰ অধিকাংশই হল নিৰ্মাণ, পৰিবহন, সেৱা,জি আই জিৰ নিচিনা অনা চৰকাৰী খণ্ডৰ সৈতে যুক্ত। তেওঁলোকৰ চিনাক্তকৰণ তথা আইন প্ৰয়োগৰ বাবে কেতবোৰ আঁচনি চৰকাৰে যুগুতাইছে আৰু ইয়াৰ বাবে শ্ৰম বিভাগৰ দ্বাৰা এই শ্ৰমিকসকলক পঞ্জীয়নভূক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু এই পঞ্জীয়ন কৰণৰ ব্যৱস্থাটোৱেই গণ্ডগোলীয়া, অত্যধিক পৰিমানে জটিল। ফলত এফালেদি শ্ৰমিকসকল প্ৰকল্পৰ বাহিৰতে থাকি গৈছে, অথবা প্ৰকল্প সঠিকভাৱে ৰূপায়িত হোৱাই নাই।

পৰিবহন শ্ৰমিক সকলৰ বাবে গৃহিত প্ৰকল্পতো আৰম্ভই হোৱা নাই। চৰকাৰে চতুৰতাৰ আশ্ৰয় লৈ আওঁপকীয়াকৈ শ্ৰমিকৰ দীৰ্ঘ সংগ্ৰামৰ ফলত যিবোৰ আইন ৰচিত হৈছিল সেইবোৰ নাইকিয়া কৰাৰ বাবে শ্ৰম কোড আনিব বিচাৰিছে।

নিৰ্মাণ শ্ৰমিকসকলৰ সুযোগ সুবিধা সংকুচিত কৰা, পৰিবহন শ্ৰমিকসকলৰ প্ৰকল্প গৃহীত হলেও তাক কাৰ্যকৰী কৰণৰ পৰা বিৰত থকা, কাৰখানা আৰু ঔদ্যোগিক বিবাদ আইন উলংঘা কৰি শ্ৰমিক চাটাই কৰা সত্বেও শ্ৰমিকসকলৰ পক্ষত কোনো ব্যৱস্থা নোলোৱা–এনেবোৰ হৈছে  দীর্ঘসূত্রিতাৰ জৰিয়তে শ্ৰমিক সকলৰ মনোবল ভাঙি দিয়াৰ কু পৰিকলনাৰ অংশ যাৰ আচল উদ্দেশ্য হৈছে শ্ৰম কোড বলবৎ কৰা।

আজি সংবাদ মেলত শ্ৰমিক নেতৃবৰ্গই কয় যে এই বিক্ষোভ সমাবেশৰ পৰা স্মাৰক পত্ৰ দাখিলৰ জৰিয়তে ঐক্যবদ্ধ আন্দোলনৰ ঘোষণা কৰা হ'ল। চৰকাৰে যদি অনতিবিলম্বে শ্ৰমিক সকলৰ দাবী পূৰণৰ ব্যৱস্থা নকৰে, তেন্তে ৰাজ্যব্যাপী আন্দোলনৰ ব্যৱস্থা কৰা হ'ব।

গুৱাহাটী