/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5f4b4847-73ce-45d3-9a32-3d6299a3d296/07129c73-a007-415d-976c-2521fe7ce76c.jpg)
ডিজিটেল ডেস্কঃ অমিত শ্বাহৰ টুইট আৰু অসমত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে কোনো এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমলৈ নহা বুলি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সোমবাৰে হঠাতে গুৱাহাটীত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/749c984a-ede7-4668-ad24-589aa79b83e4/450092518_1011356323703752_5978868561425848456_n.jpg)
কেন্দ্ৰীয় শক্তি তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীগৰাকীয়ে অসমত উপস্থিত হৈয়েই পাণবজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ঐতিহ্য কেন্দ্ৰ আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট প্ৰকল্প পৰিদৰ্শন কৰে। এই প্ৰকল্প পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰি কয় যে, অসমৰ চৰকাৰে বিগত ১০বছৰত অসমৰ নক্সাই সলনি কৰি দিছে। এয়াই হৈছে বিকশিত ভাৰত তথা বিকশিত অসম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fc0b0be2-2db2-4cf6-aaef-95d84a46fc21/450171859_1011353277037390_518109321656060602_n.jpg)
ইফালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰ কেইবাগৰাকী মন্ত্ৰীৰ পৰা অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভতো কিছু তথ্য জানিবলৈ বিচাৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সংগ দিয়ে, মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী নন্দিতা গালোৰ্চা, সাংসদ বিজুলী কলিতা মেধি, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু মেয়ৰ মৃগেন শৰণীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/90fff59c-915e-45dc-a779-0380436a867a/450401924_1011353313704053_783248167437316450_n.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসমত কিছু সময় অতিবাহিত কৰি উপস্থিত হয়গৈ অৰুণাচল প্ৰদেশত। অৰুণাচল চৰকাৰৰ সৈতেও বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহে মন্ত্ৰীগৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7e1972a9-1190-4258-9083-d62e4044b4f1/450401811_1011353417037376_3290095876061421068_n.jpg)