/asomiyapratidin/media/media_files/2025/01/29/IrtoXohAQqPtjVhhCsbD.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ২৪ ঘন্টাৰ ভিতৰতে সলনি হ'ল গুৱাহাটী অপহৰণকাণ্ডৰ দৃশ্যপট। মঙলবাৰে দিন দুপৰতে গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছিল এক অপহৰণৰ ঘটনা। উলুবাৰীত বাহনৰ পৰা জাঁপ দি কোনোমতে প্ৰাণ ৰক্ষা কৰিছিল অপহৃত নৱজ্যোতি ৰাজখোৱাই।
ইফালে পাণবজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই অপহৰণ কাণ্ডত জড়িত ৩ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানৰ পাছতে সমগ্ৰ ঘটনাৰ মূল কাৰণ পোহৰলৈ আহিছে। দৰাচলতে পাৰিবাৰিক সংঘাত আৰু ধনৰ লেনদেনেৰ বাবে এই অপহৰণ কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
প্রথমা পত্নীৰ মৃত্যুৰ পিছতে দ্বিতীয় বিবাহ কৰাইছিল নৱজ্যোতি ৰাজখোৱাই। কিন্তু দ্বিতীয় পত্নীয়েও এৰি গৈছিল ৰাজখোৱাক। জানিব পৰা মতে, ১০ দিন পূৰ্বে গহপুৰ থানাত নৱজ্যোতি ৰাজখোৱাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
নৱজ্যোতি ৰাজখোৱাৰ বিৰুদ্ধে এগৰাকী মহিলাক পলুৱাই লৈ অহাৰ গোচৰ ৰুজু কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, মহিলা গৰাকীৰ স্বামীয়ে গোচৰ ৰুজু কৰিছিল। ইয়াৰ পাছতে কালি পাণবজাৰৰ পৰা নৱজ্যোতি ৰাজখোৱাক অপহৰনৰ চেষ্টা চলাই এটা ৬-৭জনীয়া দুৰ্বৃত্তৰ দলে। এখন ক’লা ৰঙৰ স্ক’ৰপিঅ’ বাহনত আহিছিল অপহৰণকাৰীৰ দলটো। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।