/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/KEJ.jpg)
ডিজিটেল ডেস্কঃ অসমত ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে অৰবিন্দ কেজৰিৱাল নিজেই আহিব গুৱাহাটীলৈ। আপ অসমৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি, সকলো ঠিকে-ঠাকে থাকিলে আৰু বতৰে লগ দিলে অহা ২৯মেত গুৱাহাটীলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে দিল্লী মুখ্যমন্ত্ৰী তথা আপৰ মুখ্য সমম্বয়কগৰাকী।
গুৱাহাটীলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশ লব কেজৰিৱালে। বিশেষকৈ এটা বিশাল ৰোড শ্বত অংশ লব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ১খন আসন দখল কৰিছে আম আদমীয়ে।
ইতিমধ্যে ৰাইজৰ দল, কংগ্ৰেছকে ধৰি বহুকেইগৰাকী নেতাই যোগদান কৰিছে আপত। শেহতীয়াকৈ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপৰ প্ৰাসংগিকতা যথেষ্ট বৃদ্ধি পাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us