Advertisment

গুৱাহাটীত পুনৰ অঘটন : মহাবিদ্যালয়ৰ চতুৰ্থ মহলাত ছাত্ৰীয়ে ল’লে চৰমপন্থা

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে অবাঞ্চিত ঘটনা। এইবাৰ ঘটনাৰ স্থান গীতানগৰস্থিত কন্যা মহাবিদ্যালয়। সোমবাৰে পুৱা মহাবিদ্যালয়খনৰ চতুৰ্থ মহলাত এগৰাকী ছাত্ৰীয়ে চৰমপন্থা গ্ৰহণ কৰে। 

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত পুনৰ অঘটন

গুৱাহাটীত পুনৰ অঘটন

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে অবাঞ্চিত ঘটনা। এইবাৰ ঘটনাৰ স্থান গীতানগৰস্থিত কন্যা মহাবিদ্যালয়। সোমবাৰে পুৱা মহাবিদ্যালয়খনৰ চতুৰ্থ মহলাত এগৰাকী ছাত্ৰীয়ে চৰমপন্থা গ্ৰহণ কৰে। 

Advertisment

আত্মহত্যাৰ পথ বাচি লোৱা ছাত্ৰীগৰাকীৰ বয়স আছিল মাত্ৰ ১৯ বছৰ। জানিব পৰা মতে নিহত ছাত্ৰীগৰাকীৰ নাম সন্দিপা ৰাজ। তেওঁৰ ঘৰ শিলপুখুৰীত।

ছাত্ৰগৰাকীয়ে বাচি লোৱা এই ঘটনাৰ সমগ্ৰ দৃশ্য চি চি টি ভি কেমেৰাত বন্দী হৈছে। ইয়াৰ পাছতে পৰিয়ালৰ লোকে এই ঘটনাক আত্মহত্যা নহয় বুলি দাবী কৰি এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে। তাৰোপৰি শোকাহত পৰিয়ালটোৱে উচিত তদন্তৰ দাবী উত্থাপন কৰে।

ইতিমধ্যে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। অৱশ্যে ছাত্ৰীগৰাকীয়ে কিয় এনে কাণ্ড সংঘটিত কৰিলে সেই সম্পৰ্কে সবিশেষ তথ্য জানিব পৰা হোৱা নাই। আনহাতে ছাত্ৰীগৰাকীৰ অকাল মৃত্যুই মহাবিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী তথা শিক্ষক- কৰ্মচাৰীক শোকাহত কৰিছে।

Assam police student guwahati police