/asomiyapratidin/media/media_files/2025/07/25/whatsapp-image-2025-07-25-21-49-55.jpeg)
গুৱাহাটী পৌৰ নিগমক অভিযোগ দিয়াৰ পাছতো পোৱা নাই সুফল
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ বিধস্ত বাট-পথে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক। এজাক বৰষুণতে কৃত্ৰিম বানে বুৰাই পেলায় সাতগাঁৱৰ লাচিত পথ। পথটোত বহু দিনলৈ পানী জমা হৈ থকাত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় জনতা।
ইফালে, বাৰে বাৰে অঞ্চলবাসীয়ে অভিযোগ দিয়াৰ পাছতো আজিলৈ পোৱা নাই কোনো সুফল। উপাযুক্তৰ তৰফৰ পৰা ৩ দিনৰ ভিতৰত সমস্যা সমাধানৰ নিশ্চিত আশ্বাস পোৱাৰ পিছতো সমাধান নহল সমস্য়া। গুৱাহাটী পৌৰ নিগমৰ (জি এম চি) লোকে বাৰে বাৰে পথটো পৰিদৰ্শন কৰি 'কাইলৈ হ'ব' বুলি মিছা প্ৰতিশ্ৰুতি দি কামত পলম কৰি আহিছে। পথটো কৃত্ৰিম বানৰ সমস্যা সোণকালে সমাধান কৰিবলৈ দাবী জনাইছে সাধাৰণ ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us