/asomiyapratidin/media/media_files/2025/07/22/flood-22-2025-07-22-08-16-49.jpg)
ডিজিটেল ডেস্কঃ পুৱতি নিশা অহা এজাক বৰষুণত সচৰাচৰ হোৱাৰ দৰেই গুৱাহাটীৰ কেইবাটাও অঞ্চল পুনৰ কৃত্ৰিম বানপানীৰ কৱলত পৰিছে। ঠায়ে ঠায়ে কৃত্ৰিম বানৰ ফলত একাঠু ওপৰলৈকে উঠিছে পানী।
বিশেষকৈ নবীন নগৰ, অনিল নগৰ, জু-ৰোড, হাতীগাওঁ, ৰুক্মিণীগাওঁ আদি অঞ্চল বানপানীৰ কৱলত পৰিছে। ফলত পুৱাই অফিচ-কাছাৰীলৈ ওলাই অহা সাধাৰণ নাগৰিকে ভৰিৰ জোতা, চেণ্ডেল হাতত লৈ পানী ফালি আগুৱাবলগীয়া হৈছে।
এজাক বৰষুণতে মহানগৰীৰ বিভিন্ন অঞ্চল পানীৰ তলত ডুব যোৱাৰ সময়ত গুৱাহাটীৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা একাধিক পদক্ষেপৰ কথা শাসক তথা বিভাগীয় মন্ত্ৰীয়ে দোহাৰে যদিও দৰাচলতে এইধৰণৰ কৃত্ৰিম বানে যে সেই সকলো ফুটুকাৰ ফেন তাকেই প্ৰমাণ কৰে।
মন কৰিবলগীয়া যে, যোৱা প্ৰায় দুসপ্তাহৰো অধিক সময় গুৱাহাটীত বৰষুণ নাছিল। কিন্তু আজি এজাক বৰষুণ অহাৰ লগে লগেই বিস্তীৰ্ণ অঞ্চল পানীৰ তলত ডুব যোৱাত সাধাৰণ নাগৰিকে যমৰ যাতনা ভোগিব লগিয়া হৈছে।