সাৱধান গুৱাহাটীবাসী! ডেংগিয়ে লৈছে ভয়ংকৰ ৰূপ...

সাৱধান গুৱাহাটীবাসী! ডেংগিয়ে লৈছে ভয়ংকৰ ৰূপ...

author-image
Asomiya Pratidin
New Update
সাৱধান গুৱাহাটীবাসী! ডেংগিয়ে লৈছে ভয়ংকৰ ৰূপ...

ডিজিটেল ডেস্কঃ গুৱাহাটীত ডেংগিয়ে লৈছে ভয়ংকৰ ৰূপ। ইটোৰ পাছত সিটো অঞ্চলত ডেংগিয়ে প্ৰভাৱিত কৰাৰ খবৰ আহিছে। যাক লৈ এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী। যোৱা মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডেংগিত এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ ঘৰ গুৱাহাটীৰ ভাস্কৰনগৰত।

Advertisment

ইয়াৰ পাছতে এতিয়া গুৱাহাটীৰ ৪টা অঞ্চলক ৰেড জ’ন ঘোষণা কৰিছে গুৱাহাটী জিলা প্ৰশাসনে। গুৱাহাটীৰ ভাস্কৰ নগৰ, কাৰ্বি পথ, জু-ৰোডৰ অম্বিকাগিৰি নগৰ আৰু বামুণীমৈদাম ৰে’লৱে কলনীক ৰেড জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে।

উল্লেখ্যযে ভাস্কৰ নগৰ, হাতীগড় চাৰিআলি, গীতানগৰ, কাৰ্বি পথ আদিত নিতৌ ইজনৰ পিছত আনজন ডেংগি ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, বিগত এটা মাহত বৃহত্তৰ ভাস্কৰ নগৰ অঞ্চলত ৩০জনৰো অধিক লোক ডেংগিত আক্রান্ত হৈছে। ডেংগিৰ হটস্পটত পৰিণত হৈছে গুৱাহাটীৰ ভাস্কৰ নগৰ।

উল্লেখ্য যে, বিগত সপ্তাহৰ শনিবাৰেও ডেংগিত আক্ৰান্ত হৈ ভাস্কৰনগৰৰ সুনিতা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃত্যু হৈছিল।

Also Read: বিজেপিৰ নতুন প্লেনঃ দক্ষিণ ভাৰতৰ নেতাক ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব দিয়াৰ যো জা...

গুৱাহাটী