/asomiyapratidin/media/media_files/2025/06/19/hjhj-2025-06-19-12-09-43.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ উদ্ধাৰ হৈছে এগৰাকী লোকৰ মৃতদেহ। মহানগৰীৰ বিভাস ল'জৰ সমীপতে উদ্ধাৰ হৈছে এই মৃতদেহটো। প্ৰাপ্ত খবৰ অনুসৰি, পত্নীৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহি বিভাস ল'জত আছিলহি তেওঁলোক।
কিন্তু পুৱাৰ ভাগত বিভাস ল'জৰ ওলাই অহাৰ পাছতে ৰাজপথৰ কাষত উদ্ধাৰ হয় লোকগৰাকীৰ মৃতদেহ। বিভাস ল'জৰ ৪নং কোঠাত আছিল লোকগৰাকীৰ পত্নী আৰু মাতৃ।
বৰ্তমানেও পত্নী আৰু মাতৃক অৱগত কৰা হোৱা নাই লোকগৰাকীৰ মৃত্যুৰ খবৰ। জি এন আৰ চিত চিকিৎসাৰ বাবে তেওঁলোক আহিছিল বুলি জানিব পৰা গৈছে।