মহানগৰীত জ্যেষ্ঠ নাগৰিকক সু-স্বাস্থ্য কামনাৰে শুভেচ্ছা জ্ঞাপন জ্যেষ্ঠ নাগৰিক সংস্থাৰ...

মহানগৰীত জ্যেষ্ঠ নাগৰিকক সু-স্বাস্থ্য কামনাৰে শুভেচ্ছা জ্ঞাপন জ্যেষ্ঠ নাগৰিক সংস্থাৰ...
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ বৃহস্পতিবাৰে মহানগৰীৰ ৰূপনগৰ, শ্ৰীমন্তপুৰ আৰু বিৰুবাৰী অঞ্চলক লৈ গঠিত ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচী অনুযায়ী, মহানগৰৰ উক্ত তিনিওটা অঞ্চলৰ চাৰিকুৰিৰ উৰ্ধৰ বয়োজ্যেষ্ঠ নাগৰিক সকলক সু-স্বাস্থ্য কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

বিশেষকৈ শাৰীৰিক ভাৱে দুৰ্বল আৰু অসুস্থতা হেতু ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱৰাসকলক, তেওঁলোকৰ বাসগৃহলৈ গৈ তেখেত সকলৰ স্বাস্থ্যৰ বুজ লোৱা, তেওঁ লোকক যথাযোগ্য সন্মান প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ সুদীৰ্ঘ জীৱন কামনাৰে শুভেচ্ছা জনোৱা হয়। সংস্থাৰ এনে পদক্ষেপক এই কেউটা অঞ্চলৰ সাধাৰণ ৰাইজে উচ্চ প্ৰশংসা কৰিছে।

জ্যেষ্ঠ নাগৰিক সংস্থাই বিৰুবাৰীৰ অম্বিকাচৰণ শৰ্মা (৯০), তেখেতৰ সহধৰ্মিণী প্ৰেমলতা দেৱী, নিজৰাপাৰৰ দধিৰাম ব্ৰহ্ম (অসমৰ প্ৰাক্তন শিক্ষাধিকৰ্তা, ৯৬), ৰূপনগৰৰ খগেন্দ্ৰ নাথ শৰ্মা (৯১), বিৰুবাৰী প্ৰফেছৈৰ ক'লনীৰ ড০ গজেন্দ্ৰ নাথ তালুকদাৰ (প্ৰাক্তন উপাচাৰ্য, গুৱাহাটী বিশ্ববিদ্যালয় )ক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

এই কাৰ্যসূচী ৰূপায়নত সংস্থাৰ সভাপতি তথা বিশিষ্ট চিন্তাবিদ দেবেন্দ্ৰ নাথ বসুমতাৰী, উপ-সভাপতিদ্বয় জ্যোতিষ চন্দ্ৰ শৰ্মা, চন্দ্ৰ দাস, সম্পাদক কন্দৰ্প কুমাৰ নাথ, সহ: সম্পাদক লক্ষেশ্বৰ পাঠক, কোষাধ্যক্ষ উমেশ চন্দ্ৰ দত্ত, সাংগঠনিক সম্পাদক প্ৰভাত চন্দ্ৰ ডেকা, দিগম্বৰ ভূঞা, কাৰ্যনিৰ্বাহক সদস্য কবি হুজুৰী, বিনয় কুমাৰ ডেকা উপস্থিত আছিল। ৰূপনগৰ, শ্ৰীমন্তপুৰ, বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাৰ এনে কাৰ্য অধিক সম্প্ৰসাৰিত হওঁক, স্থানীয় ৰাইজে তাকেই কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in