/asomiyapratidin/media/media_files/2025/07/15/agroni-khabar-2025-07-15-20-34-11.webp)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা গুৱাহাটী শিশু মহোৎসৱত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অব্যাহত আছে কলা-সংস্কৃতিৰ কৰ্মশালা ৷ মঙলবাৰে ষষ্ঠ দিনা পুৱা ১০ বজাৰ পৰা আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷
যোগভ্যাসৰ পাছত শিশু-চেমনীয়াসকলে নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পীদ্বয় ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, মূকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক, সুকুমাৰ কলাৰ কৰ্মশালাত শিল্পীদ্বয় দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, নৃত্য কৰ্মশালাত শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদাৰ সংগীত কৰ্মশালাত শিল্পী ৰাজ আহমেদ, সহযোগী দীপক দাস আৰু বিকাশ ৰয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে, বিগত কেইদিনৰ দৰে গুৱাহাটী শিশু মহোৎসৱত বিয়লি ৩ বজাৰ পৰা প্ৰদৰ্শন কৰা হয় শিশু উপযোগী প্ৰখ্যাত এনিমেটেড ছবি “দ্য ছঙ্ অৱ ফ্লাইং লিভ্চ”৷ ১২ মিনিট দৈৰ্ঘ্যৰ এই আৰ্মেনিয়ান ছবিখনৰ পৰিচালক হৈছে আৰ্মাইন অণ্ডা ৷ চলচ্চিত্ৰ প্ৰদৰ্শনৰ পাছত বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হয় সাংস্কৃতিক কাৰ্যসূচী ৷ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে জনপ্ৰিয় সংগীত শিল্পী কমলীকা কাশ্যপে ৷ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে বামুণীমৈদামৰ ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যালয় আৰু মালিগাঁৱৰ নীলাচল জাতীয় বিদ্যালয়ে ৷