ডিজিটেল ডেস্কঃ শুকুৰবাৰে দিনটোত গুৱাহাটী মহানগৰীক জোকাঁৰি যায় বোমাতংকই। এক অজ্ঞাত ফোন নম্বৰৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানত বোমা সংস্থাপন কৰা বুলি ফোন অহাৰ পাছতে লাগে হুৱাদুৱা। গুৱাহাটী আৰক্ষীয়ে প্ৰথমে গুৱাহাটী ৰেল ষ্টেচনত তন্নকৈ তন্নকৈ পৰীক্ষা কৰাৰ পাছত কোনো বোমা উদ্ধাৰ নোহোৱাৰ পাছতে পুনৰ আহিল আৰু এটা ফোন।
দ্বিতীয়বাৰ অহা ফোনত আৰক্ষীক জনোৱা হয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাস্থানতো সংস্থাপন কৰা হৈছে বোমা। বিশ্ববিদ্যালয়ৰ AT7, RCC2,BKB, অতিথিশালাকে ধৰি প্ৰায় ৭টা স্থানত বোমা সংস্থাপন কৰা হৈছে বুলি সদৰি কৰে অজ্ঞাত ফোন নম্বৰটোৰ পৰা।
ইয়াৰ পাছতে আৰক্ষীয়ে বিশ্ববিদ্যালয়খনৰ সকলো স্থানত তন্ন তন্নকৈ পৰীক্ষা কৰে যদিও বাতৰি লিখা পৰলৈকে কোনো এনে সামগ্ৰী উদ্ধাৰ কৰা নাই। ইফালে গুৱাহাটী ৰেল ষ্টেচনত বোমা সংস্থাপন কৰা বুলি কোনোৱে ভুৱা খবৰ বিয়পোৱা বুলি সদৰি কৰিছে গুৱাহাটী আৰক্ষীয়ে।