ৰাজ্যৰ কেইবাটাও শ্বপিং মলত বোমাতংকঃ তদন্ত অব্যাহত...

ৰাজ্যৰ কেইবাটাও শ্বপিং মলত বোমাতংকঃ তদন্ত অব্যাহত...
Published on
Updated on

ডিজিটেল ডেস্কঃ শনিবাৰে বিয়লি কেইবাটাও মলত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই। লগে লগে উক্ত অঞ্চল সমূহত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে, দিল্লীৰ ডি এল এফ মল, গুৰুগ্ৰামৰ এম্বিয়েঞ্চ মল আৰু মুম্বাইৰ ইনঅৰ্বিট মললৈ বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল।

আৰক্ষীয়ে তিনিওটা মল খালী কৰি তদন্ত আৰম্ভ কৰে যদিও বোমাৰ কোনো সম্ভেদ নাপায়। ইয়াৰ পিছতে আৰক্ষীয়ে বোমাৰ ভাবুকি দিয়া লোকজনৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

এম্বিয়েঞ্চ মলত একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। সৌভাগ্যক্ৰমে মলটোৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ বোমা জব্দ নকৰে। আনহাতে নয়ডাৰ ডি এল এফ মলত বোমা বিস্ফোৰণৰ খবৰ পোৱাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু মলটো খালী কৰে। সমগ্ৰ মলটোত তালাচী চলোৱাৰ পিছতে মলটো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়।

এই সন্দৰ্ভত অঞ্চলটোৰ ডিচিপিয়ে কয় যে, সেয়া আছিল নিৰাপত্তাৰ ড্ৰিল অৰ্থাৎ মক ড্ৰিল। লগতে নয়ডাৰ মলটোৰ সন্দৰ্ভত ভুৱা মেইল ​​পোৱা বুলিও অন্য এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

ইনঅৰ্বিট মললৈ বোমা বিস্ফোৰণৰ ভাবুকিৰ পিছতে নৱী মুম্বাইৰ বাছিত বিশৃংখলতাৰ সৃষ্টি হয়। ডাকযোগে ভাবুকি পোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ সমগ্ৰ মলটো খালী কৰে। মলটোৰ বাহিৰত সমবেত হয় সকলো কৰ্মচাৰী আৰু গ্ৰাহক।

বোমা নিষ্কাশন দল মলত প্ৰৱেশ কৰে যদিও মলটোত সন্দেহজনক একো পোৱা নগ’ল। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। দেশৰ কেবাটাও ডাঙৰ মলত ভাবুকিপূৰ্ণ মেইল ​​পোৱাৰ পিছত প্ৰশাসনে মেইল ​​প্ৰেৰকক চিনাক্ত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।

ৰাজ্যৰ কেইবাটাও শ্বপিং মলত বোমাতংকঃ তদন্ত অব্যাহত...
আৰ জি কৰ চিকিৎসক কাণ্ড : জামুগুৰিহাটত প্ৰতিবাদী সমদল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in