শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয় নিৰ্মাণ‌ হ'ব লগা স্থান পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ‌

বিশ্ববিদ্যালয়ৰ বাবে চূড়ান্ত কৰা এই এলেকা সতীৰ্থ মন্ত্ৰী কৌশিক ৰায়ক লগত লৈ শনিবাৰে পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। প্ৰায় ডেৰশ বিঘা মাটিত নিৰ্মাণ কৰা হ'ব জিচি বিশ্ববিদ্যালয়।

author-image
Asomiya Pratidin
New Update
dgfdg

ডিজিটেল সংবাদ,শিলচৰ:  গুৰুচৰণ কলেজক বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰাৰ পিছত, বিশ্ববিদ্যালয়খন ক'ত নিৰ্মাণ কৰা হ'ব তাকে লৈ উদ্বিগ্ন হৈ আছিল শিলচৰবাসী। অৱশেষত গুৰুচৰণ বিশ্ববিদ্যালয় স্থাপনৰ বাবে স্থান চূড়ান্ত কৰা হয়। কাছাৰ আৰু হাইলাকান্দি জিলাৰ সীমান্তৱৰ্তী বৰখলা সমষ্টিৰ অন্তৰ্গত ছিবিটাবিছা তথা বৰচাংগনত স্থাপন হ'ব নতুন জিচি বিশ্ববিদ্যালয়।‌

Advertisment

বিশ্ববিদ্যালয়ৰ বাবে চূড়ান্ত কৰা এই এলেকা সতীৰ্থ মন্ত্ৰী কৌশিক ৰায়ক লগত লৈ শনিবাৰে পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। প্ৰায় ডেৰশ বিঘা মাটিত নিৰ্মাণ কৰা হ'ব জিচি বিশ্ববিদ্যালয়। মাটি পৰিদৰ্শন কৰি যথেষ্ট সন্তুষ্ট বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে।

ইফালে, সম্প্ৰতি পলিটেকনিৰ অস্থায়ী শিক্ষক সকলক চাকৰিৰ পৰা বিদায় দিয়াৰ পিছত ৰাজ্য জুৰি আন্দোলন কৰা এই শিক্ষক সকলৰ পুনৰ নিযুক্তি সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে,নৰ্মেল নিযুক্তি প্ৰক্ৰিয়াৰে তেওঁলোকক নিযুক্তি দিয়া হ'ব। আনহাতে, নতুনকৈ আবেদন কৰিব লগা বয়স পাৰ হৈ যোৱা শিক্ষক সকলৰ বয়স চৰকাৰে ৰেহাই দিব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

শিলচৰ