বৰক'লাত শ্ৰী শ্ৰী গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন...

অনুষ্ঠানত ভক্তিমূলক গীত মাত পৰিবেশন কৰে কেইবাজনো শিল্পীয়ে

author-image
Asomiya Pratidin
New Update
বৰক'লাত শ্ৰী শ্ৰী গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন...

গুৰু নানকৰ জন্ম জয়ন্তী উদযাপন

ডিজিটেল সংবাদ,বেবেজীয়াঃ শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীশ্ৰী গুৰু নানক দেৱজীৰ ৫৫৩ সংখ্যক জন্ম উৎসৱ বেবেজীয়া সমীপৰ বৰক’লা গাৱৰ শিখ ধৰ্মালম্বী লোক সকলে অতি উলহ-মালহেৰে গাঁৱৰ তিনিওটা গুৰুদ্বাৰত উদযাপন কৰে ৷

Advertisment

এই উপলক্ষে বৰক’লাৰ কেন্দ্ৰীয় গুৰদ্বাৰত যোৱা ৩১-১০-২২ৰ পৰা ৪টা গ্ৰন্থ সাহিবজীৰ অখণ্ড পাঠেৰে আয়োজন কৰে। যোৱা এক সপ্তাহ ধৰি অনুষ্ঠিত হোৱা প্ৰভাত ফেৰি কাৰ্যত নিতৌ কেইবাশ ভক্ত প্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে ৷

আনহাতে আজি অখণ্ড পাঠৰ সমাপ্তিৰ পাচত এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰে ৷ সভাত সভাপতিত্ব কৰে গুৰুদ্বাৰৰ সভাপতি তথা বৰক’লাউচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙে ৷ গুৰুজনাৰ জীৱন আৰু কৃতি আলোকপাত কৰি মতামত আগবঢ়াই যশস্বী নাট্যকাৰ অৱতাৰ সিঙে ,উত্তম সিং আৰু কৰ্নেল সিঙে ৷ সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে সম্পাদক ৰঞ্জু সিঙে ৷ অনুষ্ঠানত ভক্তি মূলক গীত মাত পৰিবেশন কৰে কেইবাজনো শিল্পীয়ে।

guru nanak jayanti bebejiya