আজি পৱিত্ৰ গুৰু নানক জয়ন্তী...

আজি পৱিত্ৰ গুৰু নানক জয়ন্তী...

ডিজিটেল ডেস্ক : আজি পৱিত্ৰ গুৰু নানক জয়ন্তী । শিখ ধৰ্মাৱলম্বী অথবা নানকপন্থী লোকসকলৰ বাবে আটাইতকৈ পৱিত্ৰ দিন হৈছে গুৰু নানক জয়ন্তী । শিখ ধৰ্মৰ ১০ জন গুৰুৰ প্ৰথমজন আৰু অন্যতম হৈছে গুৰু নানক দেৱ । গুৰু নানক দেৱৰ আৱিৰ্ভাৱ অথবা প্ৰকাশ তিথিটি সমগ্ৰ দেশতেই উদযাপন কৰা হয় গুৰু নানক জয়ন্তী ৰূপে । কাতি মাহৰ প্ৰথমটি পূৰ্ণিমা তিথিত গুৰুজনাৰ আৱিৰ্ভাৱ হোৱা বুলি বিশ্বাস ৰাখি উদযাপন কৰা হয় গুৰু নানক জয়ন্তী ।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মগুৰু ৰূপে পৰিচিত গুৰু নানক দেৱে বিলাইছিল একেশ্বৰবাদৰ বাণী । ইয়াৰ ওপৰিও সমাজত সমতা, ভাতৃত্ববোধ, সামূহিক কল্যাণ আৰু পূণ্যৰ বাণীৰ জৰিয়তে এক সামাজিক আৰু ৰাজনৈতিক মঞ্চৰ সৃষ্টি কৰিছিল গুৰুজনাই । গুৰজনাৰ পৱিত্ৰ বাণী সমূহ ৯৭৪ টা ঘোষাৰে সমৃদ্ধ গুৰু গ্ৰন্থ চাহিবত কেন্দ্ৰীভূত হৈ আছে । ই হৈছে শিখ ধৰ্মৰ পৱিত্ৰতম ধৰ্মগ্ৰন্থ ।

উল্লেখ্য যে, গুৰুজনাৰ জন্ম হৈছিল ১৪৬৯ চনত বৰ্তমানৰ পাকিস্তানৰ নানকানা চাহিবত । আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী সময়ত ধৰ্মগুৰু জনাই পৱিত্ৰ বাণী বিলাই প্ৰচাৰ কৰিছিল শিখ ধৰ্মৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in