ডিজিটেল সংবাদ,কামপুৰ: ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত আৰু সক্রিয় কৰিবৰ বাবে শিক্ষা বিভাগে বিদ্যালয় সমূহত আৰম্ভ কৰিছে গুণোৎসৱ। ৰাজ্যৰ শিক্ষাখণ্ডত সপ্তমবাৰৰ বাবে অয়োজন কৰা গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। শেষৰটো দিনত কামপুৰৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কামপুৰ পলশাবাৰী প্ৰাথমিক বিদ্যালয়ে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়।
এখন ভিতৰুৱা গাঁৱত অৱস্থিত এই বিদ্যালয় খনত সমাজলৈ বহু বাৰ্তা দি প্ৰদৰ্শন কৰা হ'ল বিভিন্ন কলা-কৌশল। পুৱা বিদ্যালয়ৰ পতাকা উত্তোলনৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰাতঃসভা অনুষ্ঠিত হোৱাৰ লগতে পেৰেড প্ৰদৰ্শন কৰে। ইয়াৰ পিছতেই গুণোৎসৱ উপলক্ষে অনুষ্ঠিত কৰা এখন প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ৰহা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা ড০ নন্দিতা গোস্বামীয়ে।
প্ৰদৰ্শনীখনত অসমীয়াৰ গ্ৰাম্য জীৱনৰ বিভিন্ন সা-সামগ্ৰী; অসমীয়া মহিলা সকলে পৰিধান কৰা চাদৰ-মেখেলা; অসমীয়া মহিলা সকলে নিজ হাতৰে তৈয়াৰ কৰা উলৰ মাফলা আদি প্ৰদৰ্শন কৰে।ইয়াৰ পিছতে ছাত্ৰ -ছাত্ৰী সকলৰ শৈক্ষিক মূলায়ন পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত বিয়লি কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে গাঁৱৰ মহিলা সকলে প্ৰদৰ্শন কৰে নাম -কীৰ্তন।ইয়াৰ পিছতে বিদ্যালয় খনত নতুনকৈ স্থাপন কৰা চি চি কেমেৰাৰ উদ্বোধন কৰে কঠীয়াতলী শিক্ষা খণ্ডৰ বিষয়া মইদুল ইছলামে।
ইফালে পুৱাৰ পৰা বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। বিগত বৰ্ষৰ গুণোৎসৱ প্রক্রিয়াত একাধাৰে পাঁচ বাৰকৈ A+, এবাৰ A গ্ৰেড পাই উন্নত ফলাফল দেখুৱালৈ সক্ষম হোৱা কামপুৰ পলশাবাৰী প্ৰাথমিক বিদ্যালয়নে এইবাৰো যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।
আজি পুৱাই বিদ্যালয়খনত উপস্থিত থাকে গুণোৎসৱ বহী মূল্যায়ক ডা০ নন্দিতা গোস্বামী, নিৰিক্ষক ক্ৰমে অভিজিৎ মজুদাৰ ;অমিয় কুমাৰ বৰা ;দ্বীপ জ্যোতি কোঁচ; ;সতজিৎ বিশ্বাস ;কৰবি হাজৰিকা ; শিল্পী শিখা ভূঞা, পৰিচলনা সমিতিৰ সভানেত্ৰী অনামিকা দাস ;;অভিভাৱক মঞ্চৰ সভাপতি ডা০ ছাদ্দাম হুছেইন ;সম্পাদিকা পায়েল দেৱনাথৰ লগতে গাঁও খনৰ বিভিন্ন জন ব্যক্তি ।