Advertisment

আজিৰ পৰা আৰম্ভ গুণোৎসৱঃ অংশগ্ৰহণৰ সিদ্ধান্ত কলেজ শিক্ষক সন্থাৰ

প্ৰথম পৰ্যায়ত আৰম্ভ হোৱা গুণোৎসৱত ক্ৰমে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰিক সামৰি লোৱা হৈছে ৷

author-image
Asomiya Pratidin
New Update
sd

ডিজিটেল ডেস্কঃ   ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। স্ব-মূল্যায়নেৰে আৰম্ভ হোৱা এই গুণোৎসৱে ১৬,০৫৬ খন বিদ্যালয় সামৰি লৈছে। প্ৰথম পৰ্যায়ত ১১খন জিলাত অনুষ্ঠিত হ'ব গুণোৎসৱ। ৬জানুৱাৰীৰ পৰা ৬ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া গুণোৎসৱে তিনিটা পৰ্যায়ত ৰাজ্যৰ সকলো জিলাক সামৰি ল'ব বুলি জানিব পৰা গৈছে।

Advertisment

প্ৰতিটো পৰ্যায়ত চাৰিদিনকৈ হ'বলগীয়া গুণোৎসৱৰ প্ৰথম দিনটোত বিদ্যালয়ৰ স্ব-মূল্যায়ন হ'ব আৰু পৰৱৰ্তী দিনকেইটাত হ'ব বহিঃমূল্যায়ন ৷ প্ৰথম পৰ্যায়ত আৰম্ভ হোৱা গুণোৎসৱত ক্ৰমে বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰিক সামৰি লোৱা হৈছে ৷

 ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ১৩ খন জিলা ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়াক সমাৰি ল'ব ৷

লগতে তৃতীয় পৰ্যায়ত ৬ফেব্ৰুৱাৰীৰ পৰা মুঠ ১১খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব ৷ এই জিলাসমূহ ক্ৰমে বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ পৰা অনুষ্ঠিত হোৱা গুণোৎসৱত অংশগ্ৰহণ কৰিব কলেজ শিক্ষক সন্থাই। শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে সন্থাটোৱে। 

উল্লেখযোগ্য যে, শনিবাৰে কলেজ শিক্ষকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সৈতে হোৱা বৈঠকত কোনো সুফল নোপোৱাত ১০ হাজাৰ কলেজ শিক্ষকে গুণোৎসৱ বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 

গুণোৎসৱ