ডিজিটেল সংবাদ,শিৱসাগৰঃ বুধবাৰে শিৱসাগৰৰ কেইবাখনো বিদ্যালয়ত উপস্থিত থাকি বিদ্যালয়সমূহৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।
শিৱসাগৰ ঠানুৰাম গগৈ সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু অসম পলিটেনিক ইনষ্টিটিউটৰ ছাত্র-ছাত্ৰীসকলক পঢ়িব দিয়াৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত দুৰ্বল ছাত্র-ছাত্ৰী সকলক শিক্ষক-শিক্ষয়ত্রী সকলে যাতে পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে তাৰ বাবে নিৰ্দেশ প্ৰদান কৰে।
উল্লেখযোগ্য যে সংবাদ মাধ্যমেৰে হোৱা বৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কিছু সংখ্যক বিদ্যালয়ত পুনৰ গুণোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ।