Advertisment

গুণোৎসৱ-২০২৫ : পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিধায়ক ৰূপক শৰ্মা

নগাঁও- বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গুণোসৎৱৰ কাৰ্যসূচীত আজি বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক -শিক্ষয়ত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে।

author-image
Asomiya Pratidin
New Update
MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School

MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School

ডিজিটেল সংবাদ, বটদ্ৰৱা : ৰাজ্যৰ শৈক্ষিক খণ্ডৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। গুণগত শিক্ষাৰ মান নিশ্চিতকৰণ আৰু শৈক্ষিক মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে "গুণোৎসৱ-২০২৫"।

Advertisment
Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School
Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School

 

"গুণোৎসৱ ২০২৫" ৰ প্ৰথম পৰ্যায় উপলক্ষে মঙলবাৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন বিদ্যালয়ত পুৱাৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। বিদ্যালয়সমূহত ছাত্ৰ -ছাত্ৰীয়ে পৰিবেশন কৰা বিভিন্ন অনুশীলন আৰু প্ৰাতঃ সভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School
Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School

 

নগাঁও- বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পলাশতল কাছমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত গুণোসৎৱৰ কাৰ্যসূচীত আজি বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক -শিক্ষয়ত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে। লগতে বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰীসকলৰ সৈতে একেলগে বহি মধ্যাহ্ন ভোজনৰ খিচিৰি গ্ৰহণ কৰি ছাত্ৰ- ছাত্ৰীসকলক উৎসাহিত কৰে। 

Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School
Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School

 

ইয়াৰোপৰি বিধায়কগৰাকীয়ে কাছমাৰী পঞ্চায়তৰ অন্তৰ্গত বহুৱাভেটি প্ৰাথমিক বিদ্যালয়তো গুণোসৎৱ উপলক্ষে উপস্থিত হৈ বিদ্যালয়খনৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক -শিক্ষয়ত্ৰীৰ সৈতে মত-বিনিময় কৰে। জিলাখনৰ জাজৰী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়, জামুগুৰি কে এন ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বৰপাম ৰুস্তুম আলী মধ্য ইংৰাজী বিদ্যালয়তো দেখা গৈছে নান্দনিক দৃশ্য। 

Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School
Gunotsav-2025: MLA Rupak Sharma at Palashtal Kasmari Higher Secondary School

 

উল্লেখযোগ্য যে জাজৰী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ত নিৰীক্ষক হিচাপে উপস্থিত থাকে নগাঁও জিলা অতিৰিক্ত আয়ুক্ত শিল্পী ৰেখা পণ্ডিত। গুণোৎসৱৰ দ্বাৰা ছাত্ৰ -ছাত্ৰীৰ পাৰদৰ্শিতা, শৈক্ষিক অগ্ৰগতি আৰু বিদ্যালয়ৰ অগ্ৰগতি মূল্যায়ন কৰাত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক সকলোৱে শলাগ লৈছে।

Batadrawa RUPAK SARMA gunotsav