লোকনিৰ্মাণ বিভাগৰ অভিযন্তা গুণদা কাকতিৰ মৃত্যুত শোক...

গুণদা কাকতিৰ মৃত্যুত শোক
গুণদা কাকতিৰ মৃত্যুত শোক

ডিজিটেল সংবাদ বেবেজীয়াঃ অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ নগাঁৱৰ অবসৰী সহকাৰী অভিযন্তা গুণদা কাকতি মজুমদাৰ (৬২) ৯ নবেম্বৰ, বুধবাৰে নগাঁৱৰ লাউখোৱা পথৰ কৈলাস নগৰৰ নিজ বাসভৱনত পৰলোক গমন কৰে। গৃহনিৰ্মাণ পৰিষদৰ অভিযন্তা হিচাবে কেবাটাও উল্লেখযোগ্য নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা গুণদা কাকতি এগৰাকী দায়িত্বশীল বিষয়াৰ ওপৰিও এগৰাকী সৰবৰহী আৰু সাংস্কৃতিক মনৰ গৰাকী আছিল।

নিজ জন্মগাঁও বৰকলাৰ সৈতে সততে সম্পৰ্ক ৰক্ষা কৰিছিল আৰু গাঁৱৰ নামঘৰ, কলা সংস্কৃতিৰ সৈতে উদগনি মূলক সম্পৰ্ক ৰক্ষা কৰিছিল। তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

মৃত্যুৰ সময়ত স্বামী‌ সুনীল মজুমদাৰ, দুই পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীসহ আত্মীয়ক এৰি থৈ যায়। গুণদা কাকতিৰ নগাওঁ আৰু বৰকোলাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in