লখিমপুৰৰ নতুন এছ পি গুনেন্দ্ৰ ডেকা...

ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব বিশ্বজিৎ পেগুৱে মঙ্গলবাৰে ই চি এফ-২৩০১৭৫/১/১০১৭৮৪৩/২৫-চি নম্বৰৰ এক নিৰ্দেশনাযোগে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা (এ পি এছ )ক নিযুক্তি দিছে

author-image
Asomiya Pratidin
New Update
অগ্ৰণী খবৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্য চৰকাৰৰ গৃহ বিভাগে পহিলা এপ্ৰিলৰ দিনা এক নিৰ্দেশনাযোগে লখিমপুৰ জিলাত নতুন আৰক্ষী অধীক্ষক নিযুক্তি দিছে । ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত সচিব বিশ্বজিৎ পেগুৱে মঙ্গলবাৰে ই চি এফ-২৩০১৭৫/১/১০১৭৮৪৩/২৫-চি নম্বৰৰ এক নিৰ্দেশনাযোগে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা (এ পি এছ )ক নিযুক্তি দিছে ।

Advertisment

লখিমপুৰৰ নতুন এছ পি গুনেন্দ্ৰ ডেকা

সমান্তৰালভাৱে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়ন ( আই পি এছ)ক শিৱসাগৰ জিলাৰ গেলেকিস্থিত ৪ নং অসম আৰক্ষী  কামাণ্ড বেটেলিয়ান (অভিযান)ৰ অধিনায়ক হিচাপে বদলি কৰি  নিযুক্তি দিছে। ইপিনে শিৱসাগৰ জিলাৰ গেলেকিস্থিত ৪ নং অসম আৰক্ষী  কামাণ্ড বেটেলিয়ান (অভিযান)ৰ অধিনায়ক ডঃ বিদ্যুৎ দাস বড়ো (এ পি এছ)ক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰিছে ।

Assam police dhakuakhana