গোলাম নবী আজাদৰ পদত্যাগে বিপদ কঢ়িয়াই আনিছে কংগ্ৰেছলৈ ! গণ প্ৰস্থানৰ ৰূপ ললে এই পদত্যাগে…

গোলাম নবী আজাদৰ পদত্যাগে বিপদ কঢ়িয়াই আনিছে কংগ্ৰেছলৈ ! গণ প্ৰস্থানৰ ৰূপ ললে এই পদত্যাগে…

ডিজিটেল ডেস্ক : গোলাম নবী আজাদৰ পদত্যাগৰ পাছত প্ৰহসনলৈ পৰিৱৰ্তিত হৈছে জম্মু-কাশ্মীৰৰ কংগ্ৰেছ দলটো । ১০০ জনতকৈও অধিক নেতা আৰু কৰ্মীয়ে মঙলবাৰে পদত্যাগ কৰি গোলাম নবী আজাদৰ নতুন দলটিত যোগদান কৰাৰ প্ৰস্তুতি চলাই আছে । এই নেতা-কৰ্মীৰ দলটিত আছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰা চান্দ আৰু তেখেতৰ বহু কেইজন দলীয় সহকৰ্মী ।
সোমবাৰেও, জম্মু-কাশ্মীৰ বিধান সভাৰ উপাধক্ষ্যৰ সৈতে, চাৰি কংগ্ৰেছী নেতাই পদত্যাগ কৰিছিল দলটিৰ পৰা ।

উল্লেখ্য যে, প্ৰায় ৫টা দশকৰো অধিক কাল জড়িত হৈ থকাৰ পাছত শুক্ৰবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল গোলাম নবী আজাদে । ইয়াৰ পাছতেই জম্মু-কাশ্মীৰৰ কংগ্ৰেছী দলত দেখিবলৈ পোৱা যায় পদত্যাগৰ লানি নিছিগা ইস্তাহাৰ । আনহাতে, গোলাম নবী আজাদে দাবী কৰা অনুসৰি ৰাজ্যখনৰ কংগ্ৰেছ দলটিৰ ৯৫ শতাংশ নেতা-কৰ্মীয়ে ইতিমধ্যেই পদত্যাগ পত্ৰ দাখিল কৰি তেখেতক যোগদান কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in