/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/gulam.jpg)
ডিজিটেল ডেস্ক : দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত আকৌ মোক্ষম আঘাত। জ্যেষ্ঠ কংগ্ৰেছী নেতা গুলাম নবী আজাদে কংগ্ৰেছৰ সকলো পদ তথা প্ৰাথমিক সদস্যৰূপেও পদত্যাগ কৰে। কিছুদিন পূৰ্বেই তেখেতে জম্মু-কাশ্মীৰৰ কংগ্ৰেছ দলৰ প্ৰচাৰ কমিটীৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰিছিল। ৫ পৃষ্ঠাজোৰা পদত্যাগ পত্ৰত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰতি থকা তেখেতৰ ক্ষোভ বাৰুকৈ প্ৰকাশ পাইছে। দলটিৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়াসমূহত কেৰোণ লগা বুলি আখ্যা দিছে গোলাম নবী আজাদে। দলৰ এক উচ্চ পদবীত অধিষ্ঠিত হোৱাৰ পাছতো সকলো সিদ্ধান্ত কেৱল ৰাহুল গান্ধীৰ মততহে লোৱা হয় বুলিও অভিযোগ উত্থাপন কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে।
উল্লেখ্য যে, গোলাম নবী আজাদ ২০২১ বৰ্ষলৈ ৰাজ্যসভাত বিৰোধী দলৰ মূল নেতা আছিল। ইয়াৰ ওপৰিও প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙৰ কাৰ্য্যকালত সাংসদীয় পৰিক্ৰমা মন্ত্ৰীৰূপে সেৱা আগবঢ়াইছিল। ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰা আৰু বিৰোধী দলৰ বিদায়ী নেতা হোৱা আজাদক উচ্চ সদনলৈ পুনৰ মনোনীত কৰা হোৱা নাছিল।
গোলাম নবী আজাদৰ পাছত কংগ্ৰেছ দলৰ আন এজন বৰ্ষীয়ান নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাৰো পদত্যাগ প্ৰায় নিশ্চিত হৈছে যিহেতু আনন্দ শৰ্মাইও আজাদৰ সৈতেই হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কমিটীৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল।
আৰু পঢ়ক : ৰূপহীহাটত জব্দ ৬০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক…