বৃদ্ধ দম্পতীক চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা

পুত্ৰই কাম কৰাৰ বিনিময়ত পাবলগীয়া ধন বিচাৰি পৰ্টেলৰ সাংবাদিক শ্বহিদুল হকৰ ঘৰত সোমবাৰে দিনৰ ভাগত উপস্থিত হৈছিল বৃদ্ধ দম্পত্তি। শ্বহিদুল হকৰ পৰা পুত্ৰৰ মজুৰি বিচাৰোতেই খঙত অগ্নিশৰ্মা হৈ সাংবাদিকজনে দা- কুঠাৰ লৈ আকছাৰ আলী আৰু ৰূপভান বিবিৰ ওপৰত জঁপিয়াই পৰে।

author-image
Asomiya Pratidin
New Update
পৰ্টেলৰ সাংবাদিকৰ গুণ্ডাগিৰি

পৰ্টেলৰ সাংবাদিকৰ গুণ্ডাগিৰি

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ গোলকগঞ্জত এক চাঞ্চল্যকৰ ঘটনা। বতুৱাতুলি গাঁওত এজন পৰ্টেলৰ সাংবাদিকে বৃদ্ধ দম্পত্তিক চোকা অস্ত্ৰৰে কৰে আক্ৰমণ। প্ৰাপ্ত খবৰ অনুসৰি, আছকাৰ আলী (৬০) আৰু তেওঁৰ পত্নী ৰূপভান বিবি(৫৫)য়ে তেওঁ লোকৰ পুত্ৰই কাম কৰাৰ বিনিময়ত পাবলগীয়া ধন বিচাৰি পৰ্টেলৰ সাংবাদিক শ্বহিদুল হকৰ ঘৰত সোমবাৰে দিনৰ ভাগত উপস্থিত হৈছিল। বৃদ্ধ দম্পত্তিয়ে শ্বহিদুল হকৰ পৰা পুত্ৰৰ মজুৰি বিচাৰোতেই খঙত অগ্নিশৰ্মা হৈ সাংবাদিকজনে দা- কুঠাৰ লৈ আকছাৰ আলী আৰু ৰূপভান বিবিৰ ওপৰত জঁপিয়াই পৰে।

Advertisment

সোমবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই আক্ৰমণৰ সময়ত আকছাৰ আলী আৰু ৰূপভান বিবিৰ কন্যা আঞ্জু খাতুনো পিতৃ-মাতৃৰ লগতে আছিল। আঞ্জু খাতুনে অভিযোগ কৰা অনুসৰি, সাংবাদিক শ্বহিদুল হকৰ উপৰিও তেওঁৰ ভাতৃ সাদেক আলী, সহিবুল আলী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে এই আক্ৰমণ সংঘটিত কৰিছিল। ইফালে সোমবাৰৰ এই আক্ৰমণৰ পিছতে স্থানীয় লোকে ততাতৈয়াকৈ আহত স্বামী-স্ত্ৰী দুয়োজনকে সংকটজনক অৱস্থাত ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে। বৰ্তমানেও বৃদ্ধ দম্পত্তি ধুবুৰী মেডিকেল কলেজ
হাস্পতালতে চিকিৎসাধীন হৈ আছে। 

ইপিনে আছকাৰ আলীৰ পৰিয়ালৰ লোকে সোমবাৰে গোলকগঞ্জ আৰক্ষী থানাত এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে বিএনএছৰ ১৮৯(২)/১৯১(২)/১৯১(৩)/৪৫/১১৭(৪)১০৯ ধাৰাত ৬৪/২৫ নম্বৰৰ এটি গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত অভিযান চলাই সাংবাদিক শ্বহিদুল হকৰ ভাতৃ ছাদেক আলীক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি সাংবাদিকজন পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

dhubri district journalist dhubri