মাতৃ-কন্যাক বলৎকাৰ কৰি নৃশংসভাৱে হত্যা, প্ৰায় ৪ বছৰ পাছত ন্যায়…

মাতৃ-কন্যাক বলৎকাৰ কৰি নৃশংসভাৱে হত্যা, প্ৰায় ৪ বছৰ পাছত ন্যায়…

author-image
asomiyapratidin
New Update
মাতৃ-কন্যাক বলৎকাৰ কৰি নৃশংসভাৱে হত্যা, প্ৰায় ৪ বছৰ পাছত ন্যায়…

ডিজিটেল ডেস্ক: গুজৰাটৰ সুৰত আদালতে ধৰ্ষণ আৰু হত্যা কাণ্ড সন্দৰ্ভত ৭ মাৰ্চত এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে।আদালতে পাণ্ডেশৰা চহৰত মাতৃ-কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত হৰ্ষ চাহাই ৰামৰাজ গুৰ্জৰ আৰু তেওঁৰ সহযোগী হৰিওম গুৰ্জাৰক দোষী সাব্যস্ত কৰে।

Advertisment

আদালতে হৰ্ষক ফাঁচী আৰু অন্য জনক আজীৱন কাৰাদণ্ড বিহে। উল্লেখ্য যে ধৰ্ষণ-হত্যাকাণ্ডৰ ঘটনা ২০১৮ চনত সংঘটিত হৈছিল।

ঘটনাৰ বিৱৰণী অনুসৰি ২০১৮ চনৰ এপ্ৰিল মাহত মহিলা আৰু তেওঁৰ কন্যা সন্তানক ধৰ্ষণ আৰু হত্যা কৰি পেলাই দিছিল জংঘলৰ মাজত। দুয়োকে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত ২০১৮ চনৰ ৬ এপ্ৰিলত এজাহাৰ দাখিল কৰা হৈছিল। আহমেদাবাদ ক্ৰাইম ব্ৰান্সে ইয়াৰ ওপৰত তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল দুই অভিযুক্তক।

আৰক্ষীয়ে এক চিচিটিভি ফুটেজৰ জৰিয়তে তদন্তত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা অভিযুক্তই আৰক্ষীক জনাইছিল যে ৰাজস্থানৰ পৰা দুয়ো গৰাকী মাতৃ, কন্যাক কাম দিয়াৰ চলেৰে লৈ আহিছিল। আৰু মহিলা গৰাকীক ৩৫ হাজাৰ টকাত ক্ৰয় কৰি নিজৰ ঘৰলৈ লৈ আনিছিল।

crime murder gujrat rape