LIVE UPDATES Ahmedabad Plane Crash: নিহত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী

গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ ঘটনা।  বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত বিমানখন।  বিমানখনত আছিল ২৪৪ গৰাকী যাত্রী। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
জততত্্

ডিজিটেল ডেস্কঃ  গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ ঘটনা।  বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত বিমানখন।  বিমানখনত আছিল ২৪৪ গৰাকী যাত্রী।  প্ৰাৰম্ভিক পৰ্যায়ত ১৫০ৰো অধিক যাত্ৰী মৃত্যুৰ আশংকা।  বিমান বন্দৰলৈ যোৱা প্রতিটো পথ বন্ধ কৰিছে প্রশাসনে। আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী আছিল বিমানখন।   উৰণৰ কিছু সময় পিছতেই দুৰ্ঘটনাগ্রস্ত হয় বিমানখন।  এটা অট্টালিকাত খুন্দা মাৰে বিমানখনে। 

  • Jun 12, 2025 23:51 IST

    আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী

    আজি দুপৰীয়া আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত ২০৪ জন লোকে প্ৰাণ হেৰুওৱা বুলি আৰক্ষী আয়ুক্তই সদৰী কৰিছে। ইফালে বিমানখনত যাত্ৰীৰূপে থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়েও নিশা অকাল মৃত্যুক আঁকোৱালি লয়। 

    ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু সম্পৰ্কত নিশ্চয়তা প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পাটিলে কয়- বিজয় ৰূপানী বিয়োগ দলৰ বাবে অপূৰণীয় ক্ষতি। 

    মৃত্যুৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰূপানীৰ বয়স আছিল ৬৮ বছৰ। উল্লেখ্য যে, পৰিয়াল তথা আত্মীয়ক লগ কৰাৰ উদ্দেশ্যে লণ্ডন অভিমুখে যাত্ৰা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।



  • Jun 12, 2025 20:20 IST

    এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত DGCA ৰ বিবৃতিঃ তদন্তৰ নিৰ্দেশ...

    এয়াৰ ইণ্ডিয়াৰ B787 Dreamliner যাৰ পঞ্জীয়ন নম্বৰ VT-ANB আজি আহমেদাবাদৰ ছৰ্দাৰ বল্লভভাই পটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰাৰ কিছু মুহূৰ্তৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয়। AI-171 নম্বৰৰ এই বিমানখন গেটউইক (লণ্ডন) অভিমুখে গৈ ৰাওনা হৈছিল।

    এই দুৰ্ঘটনা সন্দৰ্ভত DGCA-এয়ে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে। এই বিবৃতিত উল্লেখ কৰিছে দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মুঠ ২৪২ জন ব্যক্তি আছিল। যাৰ ভিতৰত  ২জন পাইলট, ১০জন কেবিন ক্ৰু আৰু ২৩০ জন যাত্ৰী। 

    বিমানখনৰ পাইলট আছিল কেপ্টেন সুমীত সবৰৱাল (LTC) যাৰ ৮২০০ ঘণ্টাৰ উৰণি অভিজ্ঞতা আছিল। সহ-পাইলট আছিল ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুন্দাৰ, যাৰ ১১০০ ঘণ্টাৰ উৰণ অভিজ্ঞতা আছিল।

    এয়াৰ ট্ৰেফিক কন্ট্ৰ'লৰ তথ্যমতে, বিমানখন আহমেদাবাদৰ ৰাণৱে ২৩ৰ পৰা ১৩:৩৯ বজাত উৰা মাৰিছিল। তাৰ পিছতেই বিমানখনে "MAYDAY" কল দিয়ে, কিন্তু তাৰ পাছত ATC ৰ কলসমূহৰ কোনো প্ৰত্যুত্তৰ নাহে। 

    DGCA য়ে প্ৰাথমিকভাৱে সন্দেহ কৰিছে যে, বিমানখন উৰাৰ সময়তে দুয়োটা ইঞ্জিনেই ব’ৰ্ড ষ্ট্ৰাইকৰ সন্মুখীন হয়। ফলস্বৰূপে ইঞ্জিনে সম্পূৰ্ণ শক্তি হেৰুৱায় আৰু বিমানখন নিয়ন্ত্ৰণহীন হৈ পৰে।

    DGCA, NTSB আৰু স্থানীয় আৰক্ষী-প্ৰশাসনে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উদ্ধাৰ অভিযান অব্যাহত আছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও অসামৰিক বিমান পৰিবহন মন্ত্ৰীয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু ঘটনাটোৰ উচ্চ-স্তৰীয় তদন্তৰ নিৰ্দেশ দিছে। 



  • Advertisment
  • Jun 12, 2025 19:20 IST

    আহমেদাবাদৰ হাস্পতালত হাহাকাৰ পৰিস্থিতি

    আজি দুপৰীয়া আহমেদাবাদৰ মেঘানীত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত কেইবাজনো যাত্ৰী হতাহত হৈছে। এই দুৰ্ঘটনাত বি জে মেডিকেল কলেজৰ ৫গৰাকী শিক্ষাৰ্থী নিহত হোৱাৰ লগতে ৪০ৰো অধিক শিক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। 

    হোষ্টেলখনৰ শিক্ষাৰ্থীসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে অভিশপ্ত বিমানখনৰ এটা অংশ সোমাই গৈছিল হোষ্টেলৰ ভিতৰত। আনহাতে এই দুৰ্ঘটনাত বিমানখনত থকা মুঠ যাত্ৰীৰ অধিকাংশৰে আঘাত গুৰুতৰ। 

    তাৰোপৰি ভালেকেইগৰাকী যাত্ৰী জীৱন- মৃত্যুৰ যুঁজি আছে হাস্পতালৰ বিচনাত। ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ খবৰ অনুসৰি ইতিমধ্যে কেইবাগৰাকী যাত্ৰী হতাহত হৈছে। 

    ইতিমধ্যে তেওঁলোকক এ ডি আৰ এফ আৰু উদ্ধাৰকাৰী দলৰ সহযোগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইফালে আত্মীয়জনৰ এনে অবাঞ্চিত ঘটনাৰ খবৰ লাভ কৰি হাস্পতালৰ বাহিৰত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। উল্লেখযোগ্য যে, আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত প্ৰাণ হেৰুৱালে ২০৪ জন লোকে। নিহতসকলৰ দেহ সম্পূৰ্ণৰূপে জ্বলি গৈছে। আত্মীয়ৰ সৈতে ডি এন এ পৰীক্ষা কৰিহে গতাই দিব মৃতদেহ। 



  • Jun 12, 2025 18:36 IST

    ২০৪ জন লোকে হেৰুৱালে প্ৰাণ

    আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত এই পৰ্যন্ত প্ৰাণ হেৰুৱালে ২০৪ জন লোকে। নিহতসকলৰ দেহ সম্পূৰ্ণৰূপে জ্বলি গৈছে। আত্মীয়ৰ সৈতে ডি এন এ পৰীক্ষা কৰিহে গতাই দিব মৃতদেহ। 

    আনহাতে আহত হৈছে ৫০ জন লোকৰ। এই ৫০ জন লোকৰ ভিতৰত আছে ১১ জন বি জে মেডিকেল কলেজৰ শিক্ষাৰ্থী। আটাইৰে অৱস্থা গুৰুতৰ। আহমেদাবাদৰ আৰক্ষী আয়ুক্তই দিলে এই তথ্য। 

     

     



  • Jun 12, 2025 18:11 IST

    বিমান দুৰ্ঘটনাত ৫গৰাকী শিক্ষাৰ্থীৰ মৃত্যু

    আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত ৫গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে। তাৰোপৰি ৪০ৰো অধিক শিক্ষাৰ্থী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বাতৰি লিখা পৰলৈকে আটাইকেইগৰাকী আহত শিক্ষাৰ্থীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। 

    উল্লেখ কৰা প্ৰয়োজন যে, আহমেদাবাদৰ বি জে মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰিছিল অভিশপ্ত বিমানখনে। উক্ত সময়ছোৱাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিল মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে।



  • Jun 12, 2025 16:49 IST

    দুৰ্ঘটনাগ্ৰস্ত বিমানখনত কেবিন ক্ৰু আছিল উত্তৰ-পূবৰ যুৱতী...

    • আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল উত্তৰ-পূবৰ যুৱতী
    • বিমানখনত কেবিন ক্ৰু হিচাপে আছিল যুৱতীগৰাকী
    • যুৱতীগৰাকীৰ নাম লামনুমথিয়েম ছিংচং
    • মিজোৰামৰ জীয়ৰী আছিল লামনুমথিয়েম



  • Jun 12, 2025 16:12 IST

    দুৰ্ঘটনাৰ সময়ত কেপ্তেইন সুমিত সৱৰৱালৰ ওচৰত আছিল বিমানখনৰ কামাণ্ড...

    আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মুহূৰ্ততে জলি গ'ল এয়াৰ ইণ্ডিয়াৰ  এখন যাত্ৰীবাহী বিমান।জানিব পৰা মতে বিমানখনৰ কমাণ্ড কেপ্তেইন আছিল সুমিত সৱৰৱাল।

    ইয়াৰ উপৰিও তেওঁক সহায় কৰিবলৈ ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰো বিমানখনত উপস্থিত আছিল। দুয়োগৰাকী বহু অভিজ্ঞতা সম্পন্ন পাইলট বুলি জানিব পৰা গৈছে।

    উল্লেখ কৰা প্ৰয়োজন যে, কেপ্তেইন সুমিত সভাৰৱালৰ ৮২০০ ঘন্টা পৰ্যন্ত বিমান চলোৱাৰ অভিজ্ঞতা থকাৰ লগতে সহ-পাইলট ক্লাইভ কুণ্ডাৰেও ১১০০ ঘন্টালৈ বিমান উৰুৱাৰ ৰেকৰ্ড আছে। 



  • Jun 12, 2025 15:39 IST

    বিমানখনে খুন্দা মৰা অট্টালিকাটোত আছিল অসমৰ এগৰাকী শিক্ষাৰ্থী...

    আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনে যিটো অট্টালিকাত খুন্দা মাৰিছিল সেয়া আছিল আহমেদাবাদ মেডিকেল কলেজৰ এটা হোষ্টেল। সেই সময়ত হোষ্টেলটোত যথেষ্ট সংখ্যক শিক্ষাৰ্থী উপস্থিত আছিল বুলি জানিব পৰা হৈছে। এই দুৰ্ঘটনাত প্ৰায় ১২গৰাকী শিক্ষাৰ্থী আহত হোৱাৰ খবৰ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে, উক্ত বিমানখনে পোনে পোনে গৈ খুন্দা মাৰিছিল সেই অট্টালিকাটোত। এই অট্টালিকাটো প্ৰায় ১১বছৰ পুৰণি।

    ইফালে এই অট্টালিকাটোতে সেই সময়ত আছিল অসমৰ এগৰাকী মেডিকেল শিক্ষাৰ্থী। তেওৰ নাম ৰুক্মিণী বৰুৱা। অৱশ্যে ছাত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হোৱা নাই। সেই সময়ত উক্ত অট্টালিকাটোতে আছিল অসমৰ ৰুক্মিণী। চকুৰ আগতে বিমানখনে অট্টালিকাটোত খুন্দা মাৰিছিল বুলি সদৰি কৰিছে ছাত্ৰীগৰাকীয়ে। বৰ্তমান ছাত্ৰীগৰাকী সুৰক্ষিত বুলি ফোন যোগে জনাইছে পৰিয়ালক। 



  • Jun 12, 2025 15:27 IST

    দুৰ্ঘটনা সংঘটিত হোৱাৰ উমান পাইছিল পাইলটে! ৫মিনিটৰ পূৰ্বে পঠাইছিল বিশেষ বাৰ্তা...

    'আমি বিমানখন পৰিচালনা কৰাত অসুবিধা পাইছো। হয়তো কিছু বিসংগতি হৈছে- আহমেদাবাদৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে বিমানখনৰ দুই পাইলটে কট্ৰ্ল ৰূমলৈ পঠাইছিল এই বাৰ্তা। কিন্তু এই বাৰ্তা পোৱাৰ প্ৰায় ৫মিনিটৰ ভিতৰতে ভূপতিত হয় বিমানখন। শেহতীয়াকৈ এই কথা বিমান কৰ্তৃপক্ষই ৰাজহুৱা কৰা তথ্য অনুসৰি বিমানখনৰ কমাণ্ড কেপ্তেইন সুমিত সভাৰৱালৰ সৈতে ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰ আছিল পৰিচালনাৰ দায়িত্বত।  পাইলট দুইগৰাকী আছিল যথেষ্ট অভিজ্ঞ।  কেপ্তেইন সুমিত সভাৰৱালৰ ৮২০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে। সহ-পাইলট ক্লাইভ কুণ্ডাৰৰো ১১০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে বুলি কোৱা হৈছে।



  • Jun 12, 2025 15:13 IST

    সন্ধিয়া ৫.০০বজালৈকে বন্ধ বিমান বন্দৰটোৰ সকলো প্ৰৱেশ পথ বন্ধ...

    উদ্ধাৰ কাৰ্যৰ সহায়ক হোৱাকৈ সন্ধিয়া ৫বজালৈকে বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰটোৰ সকলো প্ৰৱেশ পথ। 



  • Jun 12, 2025 15:05 IST

    প্ৰধানমন্ত্ৰীৰ ফোন! বিচাৰিছে সকলো যাত্ৰীৰ পৰিচয়...

    ঘটনাক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুজৰাটৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা বিমানখনৰ সকলো যাত্ৰীৰ পৰিচয় বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে। ফোন যোগে কেন্দ্ৰীয় বিমান পৰিবহন মন্ত্ৰীৰ সৈতেও কথা পাতিছে মোডীয়ে। ইফালে সন্ধিয়া ৫বজালৈ বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰটো। 



  • Jun 12, 2025 15:00 IST

    দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী!

    আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ বিমান কৰ্তৃপক্ষই সদৰি কৰিছে যে, বিমানখনত মুঠ লোকৰ সংখ্যা আছিল ২৪২গৰাকী। ইয়াৰে ২৩২গৰাকী যাত্ৰী, ২গৰাকী পাইলট আৰু ১০গৰাকী কেবিন ক্ৰুৰ সদস্য।  

    ইতিমধ্যে ঘটনাস্থলীত তীব্ৰগতিত উদ্ধাৰ অভিযান অব্যাহত আছে। ভাৰতীয় সেনাই উদ্ধাৰ অভিযানত নামিছে। আনহাতে প্ৰশাসনে বিমান বন্দৰলৈ যোৱা সকলো পথ বন্ধ কৰি দিছে। ইফালে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে। 

    আহত সকলক চিকিতসাৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও যাত্ৰী হিচাপে থকাৰ আশংকা কৰিছে। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা  নাই বিমান কৰ্তৃপক্ষই। 



  • Jun 12, 2025 14:43 IST

    গুজৰাটৰ মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন...

    কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীক নিৰ্দেশ। ফোনযোগে এই নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।



বিমান দুৰ্ঘটনা