Advertisment

গুজৰাটত বৃন্দাবনী বস্ত্ৰ দৰ্শন কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বিশেষ আহ্বান ৰাইজৰ...

বিশেষ চৰকাৰী কাৰ্যসূচীৰে গুজৰাটলৈ যোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুকুৰবাৰে সন্ধিয়া সামাজিক মাধ্যমত কেইখনমান ফটোৰ সৈতে এটা পোষ্ট আপলোড কৰিছিল।

author-image
Asomiya Pratidin
New Update
গুজৰাট.

গুজৰাট. Photograph: (গুজৰাট.)

ডিজিটেল ডেস্কঃ বিশেষ চৰকাৰী কাৰ্যসূচীৰে গুজৰাটলৈ যোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শুকুৰবাৰে সন্ধিয়া সামাজিক মাধ্যমত কেইখনমান ফটোৰ সৈতে এটা পোষ্ট আপলোড কৰিছিল। গুজৰাটৰ আহমেদাবাদৰ শ্বাহীবাগত থকা 'কেলিকো মিউজিয়াম অব টেক্সটাইলছ এণ্ড ছাৰাভাই ফাউণ্ডেচন কালেকচনেছ'ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বৃন্দাবনী বস্ত্ৰ ভাগৰ কিয়দাংশ দৰ্শন কৰাৰ কথা সামাজিক মাধ্যমযোগে অৱগত কৰিছিল। 

Advertisment
গুজৰাটত বৃন্দাবনী বস্ত্ৰ দৰ্শন কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
গুজৰাটত বৃন্দাবনী বস্ত্ৰ দৰ্শন কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 

 

মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছিল- আজি বিয়লি গুজৰাটৰ 'কেলিকো মিউজিয়াম অব টেক্সটাইলছ এণ্ড ছাৰাভাই ফাউণ্ডেচন কালেকচনেছ'ত উপস্থিত হৈ ভাৰতৰ ঐতিহ্যমণ্ডিত বস্ত্র শিল্পৰ বিভিন্ন নমুনা দর্শন কৰাৰ লগতে শংকৰদেৱ গুৰুজনাৰ উদ্ভাৱনী শক্তিৰ চানেকি, অসমৰ শিল্পকলাৰ বিচিত্র নমুনা বৃন্দাবনী বস্ত্র ভাগৰ কিয়দংশ দৰ্শন কৰি অভিভূত হওঁ। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ কিয়দংশ প্ৰতিস্ফুট এই পৱিত্ৰ শিল্পকলা মধ্যযুগৰ অসমৰ আধ্যাত্মিক আৰু কলাত্মক শ্ৰেষ্ঠতাৰ কালজয়ী প্ৰমাণ হিচাপে থিয় দিছে।

গুজৰাট
গুজৰাট Photograph: (গুজৰাট)

 

মন্ত্ৰীগৰাকীৰ এই পোষ্ট দিয়াৰ পাছতে একাংশ সজাগ নেটিজেনে দুখ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীক আহ্বান জনাই কয়- গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ ভাগৰ দৰ্শন কৰি আপ্লুত হ’লো ৷ কিন্তু এটা কথাতেই দুঃখ পাওঁ যে অসমৰ বাহিৰৰ ঠাইবোৰতহে বস্ত্ৰ ভাগিৰ অংশ আছে ৷ অসমত হে নাই ৷ পৃথিৱীৰ যিবোৰ ঠাইত এই পবিত্ৰ বস্ত্ৰভাগি আছে সেইখিনি অসমলৈ লৈ অনাৰ ব্যৱস্থা কৰিলেহে অতি আনন্দিত হ’ম।

উল্লেখ কৰা প্ৰয়োজন যে, গুৰুজনাৰ অনুপম সৃষ্টিৰাজি বৃন্দাবনী বস্ত্ৰৰ ভিন্ন অংশ দেশৰ বহুকেইটা মিউজিয়ামৰ লগতে বিদেশৰ মিউজিয়ামত আছে যদিও অসমলৈ সেই বস্ত্ৰভাগি অনাৰ চেষ্টা সময়ে সময়ে চলে যদিও আজিকোপতি সফল হব পৰা নাই চৰকাৰ। 

গুজৰাট