কোনে, ক'ত জয়লাভ কৰিলে : গুজৰাট নিৰ্বাচনৰ সবিশেষ...

কোনে, ক'ত জয়লাভ কৰিলে : গুজৰাট নিৰ্বাচনৰ সবিশেষ...
কোনে, ক'ত জয়লাভ কৰিলে : গুজৰাট নিৰ্বাচনৰ সবিশেষ...

ডিজিটেল ডেস্কঃ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে নিজৰেই ৰেকৰ্ড নিজেই ভংগ কৰি বিজেপিয়ে পুনৰ দখল কৰিলে গুজৰাট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজনৈতিক ৰণকৌশলত বিধ্বস্ত হৈ পৰিল বিজেপি।

২০১৭ ৰ নিৰ্বাচনত শক্তিশালী বিৰোধী হিচাপে গুজৰাট বিধানসভাত প্ৰৱেশ কৰা কংগ্ৰেছে আজিৰ নিৰ্বাচনৰ ভোটগণনাত কোনোমতেহে দলটোৰ উপস্থিতিৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে। আনহাতে দিল্লীৰ পিছত পঞ্জাৱ দখল কৰি আত্মবিশ্বাসী হৈ থকা আম আদমী পাৰ্টীয়ে অভিনৱ প্ৰচাৰ কাৰ্যৰে গুজৰাটত চমক সৃষ্টি কৰিছিল যদিও আশা কৰে ধৰণে ফলাফল দেখুৱাবলৈ সক্ষম নহ'ল।

উল্লেখ্য যে গুজৰাট বিধানসভাৰ মুঠ আসন ১৮২ খন। সেই অনুসৰি শাসনলৈ আহিবলৈ প্ৰয়োজন হয় ৯২ খন আসনৰ। ২০১৭ ত ৯৯ খন আসনেৰে শাসনলৈ অহা বিজেপিয়ে এইবাৰ মুঠ ১৫৬ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে কংগ্ৰেছে লাভ কৰিছে ১৭ খন আসন। আম আদমী পাৰ্টীয়ে লাভ কৰিছে ৫ খন লাভ কৰিছে। নিৰ্দলীয়ই ৩খন আৰু সমাজবাদী পাৰ্টীয়ে লাভ কৰিছে এখন আসন।

চাও আহক সমষ্টি ভিত্তিত কোনে ক'ত ক'ত আসন লাভ কৰিছে-

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in