/asomiyapratidin/media/media_files/2026/01/09/1-2026-01-09-21-52-21.jpg)
ডিজিটেল ডেস্কঃ গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলৰ ৰাজকোট জিলাত যোৱা ২৪ ঘণ্টাত ধাৰাবাহিক ভূমিকম্পই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশাৰ পৰা শুকুৰবাৰৰ বিয়লি পৰ্যন্ত জিলাখনৰ বিভিন্ন প্ৰান্তত ২১ বাৰকৈ মৃদু জোকাৰণি অনুভৱ কৰা হয়।
ইয়াৰ ফলত আতংকিত হৈ বহু লোকে ঘৰৰ পৰা ওলাই আহি খোলা পথাৰত আশ্ৰয় লৈছে। ইনষ্টিটিউট অৱ চিচম’লজিকেল ৰিচাৰ্চ (ISR)ৰ তথ্য অনুসৰি, এই ভূমিকম্পসমূহৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ১.৪ৰ পৰা ৩.৮ৰ ভিতৰত আছিল।
প্ৰথমটো জোকাৰণি বৃহস্পতিবাৰে নিশা ৮:৪৩ বজাত ৩.৩ প্ৰাবল্যৰ সৈতে অনুভৱ কৰা হৈছিল। ইয়াৰ কেন্দ্ৰবিন্দু আছিল ৰাজকোট জিলাৰ উপলেটা চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত। ইয়াৰ পাছতে সমগ্ৰ নিশা আৰু শুকুৰবাৰে দিনৰ ভাগতো কেইবাবাৰো ভূ-কম্পন অনুভূত হয়।
পৰিস্থিতিৰ গম্ভীৰতা আৰু ধাৰাবাহিক জোকাৰণিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজকোট জিলা প্ৰশাসনে জেতপুৰ আৰু ধোৰাজী অঞ্চলৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত আজিৰ দিনটোৰ বাবে বন্ধ ঘোষণা কৰিছে।
ৰাজকোটৰ জিলা দণ্ডাধীশ ওম প্ৰকাশে জানিবলৈ দিয়া মতে, বৰ্তমানলৈকে এই ঘটনাত কোনো ধন-জনৰ হানি হোৱাৰ খবৰ পোৱা নাই। অৱশ্যে প্ৰশাসনে বিপদজনক বা পুৰণি অট্টালিকাৰ পৰা লোকসকলক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে।
ভূ-তত্ত্ববিদসকলৰ মতে, এই ধাৰাবাহিক মৃদু জোকাৰণিবোৰক 'আৰ্থকুৱেক স্বাৰ্ম' বুলি কোৱা হয়। সাধাৰণতে বৰষুণৰ পানী মাটিৰ তলৰ ফাটবোৰত সোমাই জমা হোৱা চাপ নিৰ্গত হোৱাৰ ফলত এনেকুৱা মৃদু ভূমিকম্পৰ সৃষ্টি হ’ব পাৰে। যদিও এইবোৰৰ মাত্ৰা কম, তথাপিও একেৰাহে কেইবাবাৰো মাটি কঁপিবলৈ ধৰাত স্থানীয় লোকসকলৰ মাজত তীব্ৰ ভয় আৰু উদ্বেগৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us