গুজৰাটত অটো ৰিক্সাত উঠি অটো চালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গ'ল কেজৰিৱাল

গুজৰাট আৰক্ষীৰ বাধায়েও ৰখাব নোৱাৰিলে কেজৰিৱালক

author-image
Asomiya Pratidin
New Update
গুজৰাটত অটো ৰিক্সাত উঠি অটো চালকৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ গ'ল কেজৰিৱাল

arvind kejriwal arvind kejriwal

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি আহমেদাবাদৰ এজন অটো-ৰিক্সা চালকৰ ঘৰত নৈশ ভোজন কৰে। অটোত উঠি চালকজনৰ ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱা কেজৰিৱালক প্ৰথমে গুজৰাট আৰক্ষীয়ে নিৰাপত্তাৰ কথা উল্লেখ কৰি অটোত ভ্ৰমণত বাধা দিয়ে।

Advertisment

সন্ধিয়াা প্ৰায় ৭.৩০ বজাত কেজৰিৱালে আহমেদাবাদস্থিত হোটেলৰ পৰা ওলাই যায়। কিন্তু আৰক্ষীয়ে কেজৰিৱালক আধা বাটতে বাধা দিয়ে। যাৰ ফলত আৰক্ষীৰ লগত কেজৰিৱালৰ তীব্ৰ তৰ্ক হয়। অৱশ্যে পিছত তেওঁক অটো চালকৰ ঘৰলৈ যাত্ৰা কৰিবলৈ অনুমতি দিয়া হয়।

গুজৰাট আৰক্ষীৰ এজন বিষয়া অটো-ৰিক্সা চালকজনৰ কাষতে বহি কেজৰিৱালক নিৰাপত্তা দিয়াৰ লগতে আন দুখন আৰক্ষীৰ বাহনে অটো ৰিক্সাখনক আগুৱাই লৈ যায়। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আপৰ প্ৰচাৰৰ অংশ হিচাপে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ অহা কেজৰিৱালে আবেলি আহমেদাবাদত অটো-ৰিক্সা চালকসকলৰ এক সমাৱেশক সম্বোধন কৰে।

তেওঁৰ ভাষণৰ পিছতে চহৰখনৰ ঘাটলোডিয়া অঞ্চলৰ বাসিন্দা বিক্ৰম দান্তনি নামৰ এজন অটো-ৰিক্সা চালকে কেজৰিৱালক তেওঁৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ অনুৰোধ জনাই। তেওঁ কেজৰিৱালক কয়- "মই আপোনাৰ অনুৰাগী। মই ছ'চিয়েল মিডিয়াত দেখা এটা ভিডিঅ'ত, আপুনি পঞ্জাৱত এজন অটো চালকৰ ঘৰত ৰাতিৰ আহাৰ খাবলৈ গৈছিল। গতিকে, আপুনি মোৰ ঘৰলৈ ৰাতিৰ আহাৰখাবলৈ আহিব নেকি?"

অটো চালকজনৰ এই নিমন্ত্ৰণ পোৱাৰ লগে লগে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তৎক্ষণাৎ আমন্ত্ৰণ গ্ৰহণ কৰে।

aap gujrat arvind kejriwal