উৎসৱৰ বতৰত মৃত্যুৰ কিৰিলিঃ পুনৰ পথ দুৰ্ঘটনাত অতি কমেও ৭ জনৰ মৃত্যু...

গুজৰাটত সংঘটিত হৈছে এই কৰুণ ঘটনা...

author-image
Asomiya Pratidin
New Update
উৎসৱৰ বতৰত মৃত্যুৰ কিৰিলিঃ পুনৰ পথ দুৰ্ঘটনাত অতি কমেও ৭ জনৰ মৃত্যু...

gujrat

ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰৰ মাজতেই দেশৰ কেইবাটাও স্থানত সংঘটিত হৈছে কেইবাটাও কৰুণ ঘটনা। তাৰ মাজৰে এক অন্যতম কৰুণ ঘটনা হৈছে গুজৰাটত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনা।

Advertisment

গুজৰাটৰ বদোদৰা চহৰৰ বায়ু সেনা কেন্দ্ৰ দাৰ্জিলাবাদৰ কাষত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত অতি কমেও ৭ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন লোক আহত হৈছে। এখন অটোৰিক্সা আৰু এখন ট্ৰেইলাৰৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হৈছে।

এই ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তগৰাকীয়ে মন্তব্য কৰিছে যে, ঘটনাস্থলীতে ৭ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে আন ৭ জন আহত লোকক হাস্পতাললৈ লৈযোৱা হৈছে। তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ বুলিও তেওঁ প্ৰকাশ কৰিছে।

gujrat road accident