/asomiyapratidin/media/media_files/2025/04/02/CrwpXyxCTy2HoIdQHsRW.jpg)
ডিজিটেল ডেস্ক : অসমৰ আগশাৰীৰ নাট্য সংগঠন গুৱেৰ্ণিকাই প্ৰতিটো বছৰতেই একাধিক নাট প্ৰযোজনা কৰি অসমৰ নাট্যজগতখনত এক সুকীয়া স্থান অধিকাৰ কৰিছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হিমাংশু প্ৰসাদ দাসৰ সঞ্চালনাত পৰিচালিত নাট্যদলটোৱে এইবেলিও পৰিবেশন কৰিছে এখন ভিন্নস্বাদৰ নাটক।
যোৱা ৩০ মাৰ্চ দেওবাৰে মিৰ্জাৰ আমৰাংগা বৰিহাটস্থিত গুৱেৰ্ণিকাৰ আৰ্টিষ্ট ফেক্টৰীত নাট্যদলটোৰ অভিনেতা- অভিনেত্ৰীসকলে পৰিবেশন কৰে A BPL Love story নামৰ এখন বিশেষ নাটক। হিমাংশু প্ৰসাদ দাসৰ ৰচনা আৰু পৰিচালনাৰে মঞ্চস্থ হোৱা নাটকখন শতাধিক দৰ্শকে উপভোগ কৰে। উল্লেখ্য যে, প্ৰয়াত নাট্যকৰ্মী-সমাজকৰ্মী দীপক দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনাৰ্থে এই নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছিল।
উল্লেখযোগ্য যে, এখন গাঁৱৰ পটভূমিত ৰচিত নাটকখনত চৰকাৰী সুবিধাক কেন্দ্ৰ কৰি মানুহৰ মনত আৰু সম্বন্ধত কি ধৰণ প্ৰভাৱ পৰিব পাৰে বা পৰে, সেই কথা দেখুওৱা হৈছে। চৰকাৰে প্ৰদান কৰা হিতাধিকাৰীৰ কাৰ্ড এখন কিদৰে দুই স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেম-ভালপোৱা, বিশ্বাসৰ সম্পৰ্কতকৈয়ো ডাঙৰ হৈ পৰে, তাকেই বলিষ্ঠ অথচ চতুৰতাৰে দেখুওৱা হৈছে।
নাটকখনত সুন্দৰ অভিনয় কৰে ক্ৰমে ৰূপমজ্যোতি দাস, অপূৰ্ব বৰ্মন, প্ৰদীপ দত্ত, কংকন দাস, মিতালী দাস, বৰ্ষা মেধি, নৱনীতা গগৈ, সুনিত, ইন্দ্ৰজিত লালুং, শুভজিত পুৰকায়স্থ আদিয়ে। নাটকখনৰ সংগীত ব্যৱস্থাপনা জ্যোতিষ্ম দাসৰ।
নাটকখন উপভোগ কৰি উঠি দৰ্শকসকলে নাট্য ৰচনা, পৰিচালনা আৰু অভিনয়ৰ ভূয়সী প্ৰশংসা কৰে। অনাগত সময়ত একেখন নাটকেই অসমৰ ভিন্ন প্ৰান্তত আমন্ত্ৰণমৰ্মে পৰিবেশন কৰা হ’ব বুলি গুৱেৰ্ণিকাৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।