/asomiyapratidin/media/media_files/2024/12/22/lT272ZHxUSg83CHVTDkj.jpg)
gst council meeting
ডিজিটেল ডেস্ক : ৫৫ সংখ্যক জি এছ টি পৰিষদ বৈঠকৰ পাছত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে ক্ষুদ্ৰ ব্যৱসায়ী আৰু সৰু প্ৰতিষ্ঠানৰ বাবে জি এছ টি প্ৰক্ৰিয়া সৰল কৰা হ’ব। তেওঁ লগতে দক্ষ প্ৰশিক্ষণ অংশীদাৰসকলক জি এছ টিৰ পৰা ৰেহাই দিয়াৰ চিন্তা- চৰ্চা কৰাৰ কথাও সদৰী কৰে। অৱশ্যে ইয়াৰ বাবে চৰকাৰে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিব লাগিব।
বৈদ্যুতিক বাহনৰ বাবে সামগ্ৰী আৰু সেৱা কৰ ৫ শতাংশ ধাৰ্য কৰা হৈছে আৰু পৰিষদে এই বাহনবোৰ ক্ৰয়ৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে যিবোৰ কোম্পানীয়ে বৈদ্যুতিক বাহনসমূহ নিৰ্মাণ আৰু পৰিৱৰ্তন কৰে তাৰ ওপৰত ১৮ শতাংশ কৰ আৰোপ কৰা হ’ব।
জি এছ টি কাউন্সিলৰ এই বৈঠকত ৰপ্তানিকাৰকসকলৰ বাবে কৰ হ্ৰাস আৰু ধানৰ ক্ষেত্ৰত জি এছ টি হ্ৰাসৰ কথা ঘোষণা কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে। বীমা আৰু এ টি এফ আদিৰ ক্ষেত্ৰত জি এছ টি সলনি কৰাৰ আহ্বান জনাই বিত্ত মন্ত্ৰীয়ে এই বৈঠকত।