Advertisment

২০২৪ৰ ডিচেম্বৰত ১.৭৭লাখ কোটি টকাৰ GST সংগ্ৰহ দেশত...

২০২৪ত অৰ্থনৈতিক ক্ষেত্ৰত বহুকেইটা অভিলেখৰ সৃষ্টিৰ হৈছিল। বছৰটোৰ শেষৰফালে অৰ্থাত ডিচেম্বৰ মাহত দেশত জি এছ টি সংগ্ৰহেও এক অভিলেখৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সদৰি কৰি অনুসৰি, ২৪ৰ ডিচেম্বৰত দেশত ১.৭৭লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
dd

dd Photograph: (dd)

ডিজিটেল ডেস্কঃ ২০২৪ত অৰ্থনৈতিক ক্ষেত্ৰত বহুকেইটা অভিলেখৰ সৃষ্টিৰ হৈছিল। বছৰটোৰ শেষৰফালে অৰ্থাত ডিচেম্বৰ মাহত দেশত জি এছ টি সংগ্ৰহেও এক অভিলেখৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সদৰি কৰি অনুসৰি, ২৪ৰ ডিচেম্বৰত দেশত ১.৭৭লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰা হৈছে।

Advertisment

২০২৩ৰ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে জি এছ টি সংগ্ৰহ কৰিছিল ১.৬৫লাখ কোটি টকা। ২০২৪ৰ জি এছ টি সংগ্ৰহৰ ভিতৰত  কেন্দ্ৰীয় জিএছটি (চিজিএছটি)ৰ পৰা ৩২,৮৩৬ কোটি টকা, ৰাজ্যিক জিএছটি (এছজিএছটি)ৰ পৰা ৪০,৪৯৯ কোটি টকা, সংহত জিএছটি (আইজিএছটি)ৰ পৰা ৪৭,৭৮৩ কোটি টকা, আৰু চেছৰ পৰা ১১,৪৭১ কোটি টকা অন্তৰ্ভুক্ত হৈছে।

আনহাতে ২০২৪ত ঘৰুৱা লেনদেনৰ পৰা জি এছ টিৰ ৰাজহ ৮.৪ শতাংশ বৃদ্ধি পাই ১.৩২ লাখ কোটি টকা হোৱাৰ বিপৰীতে আমদানিৰ পৰা সংগ্ৰহ ৪ শতাংশ বৃদ্ধি পাই ৪৪,২৬৮ কোটি টকা হৈছিল ২০২৪ত। 

ভাৰত