/asomiyapratidin/media/media_files/2025/04/25/UK71TnF7s49dPXXPKEpQ.jpg)
সংবাদমেলযোগে এই কথা স্পষ্ট কৰি দিয়ে এমচিএলএ ঘনশ্যাম দাসে
ডিজিটেল সংবাদ, বাক্সা : জিএচপি দলে বিটিআৰত এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো দলৰ সৈতে মিত্ৰতা কৰা নাই। সংবাদমেলযোগে এই কথা স্পষ্ট কৰি দিয়ে এমচিএলএ ঘনশ্যাম দাসে। বাক্সাৰ অহোপাত বিটিআৰৰ দিহিৰা পৰিষদীয় সমষ্টিৰ এমচিএলএ ঘনশ্যাম দাসে সম্বোধন কৰিছিল সংবাদমেলৰ।
উল্লেখযোগ্য যে, অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে বিপিএফ দলৰ সৈতে জিএচপি দলে মিত্ৰতা কৰা বুলি মন্তব্য কৰিছিল। কিন্তু জিএচপিয়ে দলীয়ভাৱে কোনো দলৰ সৈতে মিত্ৰতা কৰা নাই বুলি মন্তব্য ঘনশ্যাম দাসৰ। পৰৱৰ্তী সময়ত দলে যি সিদ্ধান্ত লয় সেয়া দলে কৰিব বুলি মন্তব্য কৰে ঘনশ্যাম দাসে।
"অবড়ো ৰাইজৰ স্বাৰ্থত জন্ম হৈছিল জিএচপি দল। এতিয়াও আমি সকলোকে একত্রিত হৈ দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনালোঁ।" অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোনৰ দাসৰ লগতে সকলো অবড়ো কৰ্মীকে জিএচপিৰ হৈ আগন্তুক বিটিআৰ নিৰ্বাচনত কাম কৰিবলৈ আহ্বান এমচিএলএ ঘনশ্যাম দাসৰ।