/asomiyapratidin/media/media_files/2025/03/15/86SJw1fTJLI1uVOHDPTK.jpg)
ডিজিটেল ডেস্ক : বৃদ্ধি পাইছে ভাৰতৰ ছফটৱেৰ আৰু আই টি সেৱাৰ ৰপ্তানিৰ হাৰ। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৰপ্তানিৰ হাৰ বৃদ্ধি পাই ২০০ বিলিয়ন ডলাৰ হৈছে বুলি এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
ইলেক্ট্ৰনিকছ এণ্ড কম্পিউটাৰ ছফটৱেৰ এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিল চমুকৈ ই এছ চিৰ এক প্ৰতিবেদন অনুসৰি বিগত বছৰত অভিলেখ গঢ়ি ১৯৩ বিলিয়ন ডলাৰৰ তুলনাত এই সংখ্যা ৩.৬৩ শতাংশলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে ছফটৱেৰ আৰু আই টিখণ্ডৰ স্থিতিস্থাপকতা আৰু ভাৰতৰ ডিজিটেল অৰ্থনীতিত ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিছে।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে এইক্ষেত্ৰত সৰ্বাধিক অৱদান আগবঢ়াইছে। দাক্ষিণাত্যৰ ৰাজ্যসমূহে মুঠ ৰপ্তানিৰ প্ৰায় ৬৫.৫৫ শতাংশ অৱদান আগবঢ়াইছে।
একেদৰে ইয়াৰ পিছতে পশ্চিম প্ৰান্তৰ ৰাজ্যসমূহে আগবঢ়াইছে ১৭.০৫ শতাংশ অৱদান। আনহাতে উত্তৰ প্ৰান্তৰ ৰাজ্যৰ অৱদানৰ হাৰ ১৫.৩৯ শতাংশ।
অৱশ্যে এই ক্ষেত্ৰত পিছ পৰি আছে পূব প্ৰান্তৰ ৰাজ্যসমূহ। এই অঞ্চলৰ ৰাজ্যসমূহে মাত্ৰ ২.০১ শতাংশহে অৱদান আগবঢ়াবলৈ সক্ষম হৈছে।