/asomiyapratidin/media/media_files/2025/03/07/JFlzTmhyFk7EHYGulXXh.jpg)
২০২৪ত বৃদ্ধি পাইছে সক্ৰিয় মহিলা ঋণগ্ৰহণকাৰীৰ হাৰ
ডিজিটেল ডেস্ক : পুৰুষতকৈ নাৰী ঋণ আদায়ৰ ক্ষেত্ৰত আগবঢ়া। দেশত পুৰুষ ঋণগ্ৰহণকাৰীৰ তুলনাত মহিলা ঋণগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। ঋণ লোৱা মহিলাসকলে সময়মতে ঋণ আদায় দিয়াৰ ক্ষেত্ৰতো দায়বদ্ধতাৰ পৰিচয় দিছে।
আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত এই ইতিবাচক খবৰ প্ৰকাশ কৰিছে ক্ৰেডিট ইনফৰমেচন কোম্পানীয়ে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা এখন প্ৰতিবেদনত এই বিষয়ে সবিস্তাৰ তথ্য ৰাজহুৱা কৰা হৈছে।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২৪ত মহিলাৰ সক্ৰিয় ঋণগ্ৰহণকাৰীৰ হাৰ বৃদ্ধি পাইছে পুৰুষৰ তুলনাত। কেৱল ইমানেই নহয়, ঋণ পৰিশোধৰ ক্ষেত্ৰতো মহিলাসকলে দেখুৱাইছে আশাপ্ৰদ সঁহাৰি।
আন্তৰ্জাতিক নাৰী দিৱসৰ পূৰ্বে প্ৰকাশ পোৱা এই তথ্যই নাৰীসকলৰ সবলীকৰণৰ ক্ষেত্ৰত এক ইতিবাচক খবৰ বুলি প্ৰতিবেদনত উল্লেখ আছে।
এই সন্দৰ্ভত চি আৰ আই এফৰ বিষয়া হাই মাৰ্কে কয় যে, ডিচেম্বৰলৈকে সক্ৰিয় ঋণ লোৱা মহিলাৰ সংখ্যা ১০.৮ শতাংশ বৃদ্ধি পাই ৮.৩ কোটি হৈছে। যিটো পুৰুষৰ তুলনাত ৬.৫ শতাংশ বৃদ্ধিত কৈও অধিক।
ইয়াৰ উপৰি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ২০২৪ ৰ ডিচেম্বৰলৈকে গৃহ ঋণ, ব্যৱসায়িক ঋণ, কৃষি আৰু ট্ৰেক্টৰ ঋণ, সম্পত্তি ঋণ আৰু শিক্ষা ঋণত মহিলাসকলে উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। যাৰ বাবে চৰকাৰী ঋণদাতাসকলেও ২০২৪ ত মহিলাক ঋণ দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দ্বিধাহীনভাৱে ঋণ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে।